অসম

assam

ETV Bharat / international

বিশ্বত COVID-১৯ৰ স্থিতি ! - গ্ৰেট ব্ৰিটেইন

কৰ'ণা ভাইৰাছৰ উৎপত্তিস্থল চীনত যোৱা ১০ দিন ধৰি COVID-১৯ ত মৃত্য়ু হোৱা নাই কোনো লোকৰ । অৱশ্যে শনিবাৰে নতুনকৈ ৰাষ্ট্ৰখনত ১১ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

Global COVID-19 tracker
Global COVID-19 tracker

By

Published : Apr 25, 2020, 12:30 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ বিশ্বজুৰি এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে মহামাৰী কৰ'ণা ভাইৰাছ । বিশ্বৰ প্ৰায় ২১০ খন দেশ বিশ্বতে এই মহামাৰীৰ ফলত বৰ্তমানলৈকে ২,৮৩১,৭৮৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্য়ু মুখত পৰিছে ১৯৭,৩০৬ জন লোক । আনহাতে এই মহামাৰী ভাইৰাছৰ পৰা বৰ্তমানলৈকে সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ৮০৬,৯৫৩গৰাকী লোক ।

ব্ৰিটিছ চৰকাৰে শেহতীয়াকৈ গ্ৰেট ব্ৰিটেইনত ৬৮৪ জন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰাৰ পাচতেই ইয়াত মৃতকৰ সংখ্যা ১৯,৫০৬ জনলৈ বৃদ্ধি পাইছে । ৬১৬ গৰাকী লোকৰ মৃত্য়ুৰ পাচত বিগত ২৪ ঘণ্টাত এইয়া সৰ্বাধিক মৃত্যুৰ সংখ্যা ।

উল্লেখ্য যে,ইউৰোপৰ ভিতৰতে সৰ্বাধিক মৃত্যু হোৱা তালিকাৰ চতুৰ্থ স্থানত আছে গ্ৰেট ব্ৰিটেইন । ইটালী,স্পেইন,ফ্ৰান্সৰ পাচতেই কৰ'ণা ভাইৰাছত সৰ্বাধিক লোকৰ মৃত্য়ু হৈছে গ্ৰেট ব্ৰিটেইনত । (ইটালীত ২৫,৯৬৯ জন,স্পেইনত ২২,৫২৪ জন,ফ্ৰান্সত ২২,২৪৫ জনৰ মৃত্যু হৈছে Worldometer মতে । )

শেহতীয়াকৈ দক্ষিণ কোৰিয়াত নতুনকৈ ১০ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । এইটো অষ্টমটো দিন ধাৰাবাহিকভাৱে ২০ত কৈ কম সংখ্য়ক ঘটনা পোহৰলৈ আহিছে দেশখনত । সীমান্ত অঞ্চল সমূহত নিয়ন্ত্ৰণ কৰাৰ বাবেই দেশখনৰ সৰ্বোচ্চ ক্ষতিগ্ৰস্ত চহৰ দাগুটো সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে ।

আনহাতে এই ভাইৰাছৰ কেন্দ্ৰবিন্দু চীনৰ ৱুহান চহৰত বৰ্তমানে ৬৯ গৰাকী লোক আক্ৰান্ত হৈ আছে । ইয়াৰে ২ জন ব্যক্তিৰহে অৱস্থা সংকটজনক ।

অৱশ্য়ে বৰ্তমান চৰকাৰ সমূহৰ ওপৰত লক ডাউনৰ ফলত অৰ্থনৈতিক সংকট হ্ৰাস কৰাৰ বাবে সীমাবদ্ধ সমূহ শিথিল কৰাৰো এক হেঁচা আহি পৰিছে । জাৰ্মানীত ব্ৰুঅ'ৰীজ স্থায়ীভাৱে বন্ধ হৈ পৰাৰ এক বিপদ আহি পৰিছে । আনহাতে আমেৰিকাত কয়লা উদ্যোগো তীব্ৰ গতিত হ্ৰাস পাবলৈ ধৰিছে । আনহাতে ভাৰততো দীৰ্ঘম্য়াদী লক্ ডাউনৰ ফলত যথেষ্ট অৰ্থনৈতিক সংকটৰ লগতে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ABOUT THE AUTHOR

...view details