অসম

assam

ETV Bharat / international

১০ বছৰৰ বাবে নিলম্বন ফিফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰ - মাৰ্ক্স কাট্টনাৰ

ফিফা তথা "Federation Internationale de Football Association"মঙলবাৰে ১০ বছৰৰ বাবে নিলম্বন কৰে কমিটিখনৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰক । ফিফাৰ নিয়ম উলংঘা তথা অপব্যৱহাৰ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে কমিটিখনে ।

১০ বছৰৰ বাবে নিলম্বন ফিফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰ
১০ বছৰৰ বাবে নিলম্বন ফিফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰ

By

Published : Jul 1, 2020, 2:19 PM IST

Updated : Jul 6, 2020, 12:45 PM IST

নিউজ ডেস্ক, ১ জুলাইঃ "Federation Internationale de Football Association" চমুকৈ ফিফাই মঙলবাৰে ১০ বছৰৰ বাবে নিলম্বন কৰে কমিটিখনৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰক । বিষয়া গৰাকীৰ বিৰুদ্ধে স্বাৰ্থবিৰোধী অভিযোগ উত্থাপনৰ পাচতে আগন্তুক ১০ বছৰৰ বাবে মাৰ্ক্স কাট্টনাৰক নিষিদ্ধ কৰে ফিফাই ।

১০ বছৰৰ বাবে নিলম্বন ফিফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰ

আনহাতে,মঙলবাৰে এক প্ৰেছ বিবৃতিযোগে ফিফাই সদৰি কৰা যে,Chamber Of The Independent Ethics Committee ৰ প্ৰাক্তন সহকাৰী সাধাৰণ সচিব তথা বৰ্তমানৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাৰ্ক্স কাট্টনাৰক ফিফাৰ নিয়ম উলংঘা তথা অপব্যৱহাৰ কৰাৰ বাবেই তেখেতক ১০ বছৰৰ বাবে নিলম্বন কৰা হয় ।

কাট্টনাৰে ফিফাৰ প্ৰাক্তন সভাপতি ছেপ ব্লেটাৰকে ধৰি কমিটিখনৰ অন্যান্য শীৰ্ষ বিষয়ববীয়াসকলক বেতন বঢ়াবলৈ তথা অভিৰিক্ত ভাট্টা প্ৰদান কৰিবলৈ দাবী জনোৱা বুলি উত্থাপন হোৱা অভিযোগ সত্য বুলি প্ৰমাণিত হোৱাৰ পাচতে মাৰ্ক্স কাট্টনাৰক নিলম্বন কৰা হয় । লগতে ৩০ দিনৰ ভিতৰত ফিফাক কাট্টনাৰে ১ মিলিয়ন ডলাৰ জৰিমণা দিব লাগিব বুলিও সদৰি কৰে ।

লগতে চাওকঃ নগাঁৱত নিশাৰী নৈৰ সংহাৰী ৰূপঃ জলমগ্ন বহু গাঁও

Last Updated : Jul 6, 2020, 12:45 PM IST

ABOUT THE AUTHOR

...view details