ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ :বুলগেৰিয়াত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এক এক শোকাবহ বাছ দুৰ্ঘটনা(Bulgaria Bus crash) । দেশখনৰ পশ্চিম প্ৰান্তত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দেশখনৰ উত্তৰ মেচিডোনিয়াত সংঘটিত এই দুৰ্ঘটনাত প্ৰায় ৪৫ গৰাকী লোকৰ মৃত্যু হয় । মৃত্যু হোৱাসকলৰ ভিতৰত শিশুও আছিল ।
দুৰ্ঘটনাটোৰ (Bulgaria Bus Accident) কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই যদিও বাছখনে ঘাইপথত থকা সুৰক্ষা বেৰত খুন্দা মাৰিছিল বুলি জানিব পৰা গৈছে । যাৰ ফলত বাছখনৰ পৰা জুইৰ সূত্ৰপাত ঘটে ৷ বিষয়াসকলে জনোৱা মতে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ।
বুলগেৰিয়াৰ এটা সংবাদ সংস্থাই জনোৱা মতে, উত্তৰ মেচিডোনিয়াৰ দূতাবাসৰ প্ৰতিনিধিসকলে আহতসকল থকা চিকিৎসালয়ত উপস্থিত হৈছে ৷ বুলগেৰিয়াৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী ষ্টিফান য়ানেভে (Bulgarian Caretaker Prime Minister Stefan Yanev) দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এয়া দেশখনৰ বাবে মৰ্মান্তিক ঘটনা বুলি সদৰী কৰে ।