অসম

assam

ETV Bharat / international

COVID-19ৰ প্ৰযুক্তি বিকাশত WHO আৰু গোলকীয় অংশীদাৰৰ যোগদান - COVID-19 technologies

সমগ্ৰ বিশ্বতে COVID-19ৰ সকলো সজুলি উপলব্ধ হ'ব লাগিব বুলি প্ৰকাশ ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ মহা সচিবৰ । WHO ৰ সৈতে বিভিন্ন প্ৰতিষ্ঠানৰ সহযোগীতাক পূৰ্ণ সমৰ্থন ফ্ৰান্স, জাৰ্মানীকে ধৰি বহু ৰাষ্ট্ৰৰ । ভিডিঅ' কনফাৰেন্স যোগে হোৱা এক বৈঠকত অংশ লোৱাৰ পাচত এই কথা অৱগত কৰে WHOৰ মুৰব্বীয়ে ।

WHO
WHO

By

Published : Apr 25, 2020, 6:16 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ গোলকীয় অংশীদাৰিত্বৰ দল এটাৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থাই COVID-19ৰ বিৰুদ্ধে প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ দ্ৰুত কৰাত মনোনিৱেশ কৰিছে ।

WHOৰ সঞ্চালক প্ৰধান টেড্ৰছ অধানম ঘেব্ৰেয়েচাচ আৰু গ্লৱেল লীডাৰ একেলগে কাম কৰাৰ অলিখিত প্ৰতিশ্ৰুতি আগবঢ়াই । COVID-19ৰ টীকা নিৰ্মাণ,দৰৱ আৱিষ্কাৰ,আন আন প্ৰযুক্তিগত কামৰ বিকাশ দ্ৰুত কৰাৰ উদ্দেশ্যেৰে এই প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। ভিডিঅ' কনফাৰেন্স যোগে হোৱা এক বৈঠকত অংশ লোৱাৰ পাচত এই কথা অৱগত কৰে WHOৰ মুৰব্বী গৰাকীয়ে ।

লগতে তেওঁ কয় যে,COVID-19ৰ বিৰুদ্ধে সজুলি দ্ৰুতভাৱে প্ৰস্তুত কৰিবলৈ সহযোগী লাভ কৰি WHO আজি গৌৰৱান্বিত ।

WHOৰ নতুন সহযোগিতাৰ প্ৰতি শক্তিশালী সমৰ্থন আগবঢ়াইছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাৰ্কণেও । তেওঁ কয়,এই যুদ্ধত বিশ্ববাসীয়ে জয়লাভ কৰিব । লগতে শীঘ্ৰেই জনতাৰ মাজত টীকা আহিব বুলিও উল্লেখ কৰে মাৰ্কণে ।

আনহাতে ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ মহাসচিবে এক কনফাৰেন্সত কয় যে, COVID-19ৰ সকলো সজুলি সমগ্ৰ বিশ্বতে উপলব্ধ হ'ব । কৰ'ণা ভাইৰাছৰ চিকিৎসা তথা টীকা সমগ্ৰ বিশ্বই পাব লাগিব । কাৰণ কৰ'ণা ভাইৰাছ কেৱল মাত্ৰ এখন দেশ বা অঞ্চলতে নাই,ই সমগ্ৰ বিশ্বতে বিয়পি আছে ।

ইয়াৰ লগতে আৰু কয়- "এই সমূহ ব্য়য়সাধ্য দৰ, সুৰক্ষিত, কাৰ্যকৰী তথা সহজে পোৱা হবই লাগিব ।"

আনহাতে জাৰ্মান প্ৰতিনিধি এঞ্জেলা মাৰ্কেলে এই জোটবন্ধনৰ প্ৰতি পূৰ্ণ সমৰ্থ আগবঢ়াই আৰু সহযোগীতাৰ প্ৰতি পূৰ্ণ আগ্ৰহী বুলি উল্লেখ কৰে ।

শুকুৰবাৰে অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সত বিভিন্ন ঔষধ নিৰ্মান কৰা সংস্থা, সমাজ সেৱক সংস্থা, বিত্তীয় সংস্থাই অংশ লৈছিল । সেই সমূহৰ ভিতৰত আছিল- Epidemic Preparedness Innovations (CEPI), GAVI-the Vaccine Alliance, the Global Fund, UNITAID, the Wellcome Trust, the International Red Cross and Red Crescent Movement (IFRC) আৰু Bill & Melinda Gates Foundation ।

লগত পঢ়কঃCOVID-19 চিকিৎসাঃ ভাৰত বনাম অন্য ৰাষ্ট্ৰ

ABOUT THE AUTHOR

...view details