অসম

assam

By

Published : Jun 27, 2020, 7:45 PM IST

ETV Bharat / international

লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰতৰ 24.7 কোটি শিশুৰ অধ্যয়নত

ভাৰতত COVID-19 মহামাৰী আৰু লক ডাউনে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাত নামভৰ্তি কৰা 24.7 কোটি শিশুৰ অধ্যয়নত প্ৰভাৱ পেলাইছে ৷ ইউনিচেফৰ দ্বাৰা প্ৰস্তুত কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

Urgent action needed to safeguard futures of 600 million south Asian children threatened by covid-19
Urgent action needed to safeguard futures of 600 million south Asian children threatened by covid-19

নেশ্যনেল ডেস্ক, 27 জুনঃ ইউনিচেফৰ দ্বাৰা প্ৰস্তুত কৰা এক প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, ভাৰতত COVID-19 মহামাৰী আৰু লক ডাউনে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাত নামভৰ্তি কৰা 24.7 কোটি শিশুৰ অধ্যয়নত প্ৰভাৱ পেলাইছে ৷ ইয়াৰ বিপৰীতে 2.8 কোটি শিশুৱে অংগনবাদী কেন্দ্ৰ সমূহত প্ৰাৰম্ভিক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি আছে ৷

প্ৰতিবেদন অনুসৰি, দক্ষিণ এছিয়াত অতি কমেও 600 মিলিয়ন শিশুৰ ক্ষেত্ৰত COVID-19 মহামাৰীৰ বাবে এক বিপদৰ সূচনা হয় ৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, ভাৰতত বিদ্যালয় বন্ধ থকাৰ বাবে যথেষ্ট সংখ্যক শিশু এই মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হয় ৷

তথাপিও এই প্ৰতিবেদনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা শিশু শিক্ষা অব্যাহত থকাৰ ক্ষেত্ৰত লোৱা বিশেষ সিদ্ধান্ত সমূহৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ য'ত ৱেব পৰ্টেল, মেবাইল এপ, টিভি চেনেল, ৰেডিঅ' আদিৰ দৰে বহু ই-প্লেটফৰ্ম সন্নিবিষ্ট আছে ৷

COVID-19ৰ বাবে জাৰি কৰা লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ NCERT য়ে দ্বাদশ শ্ৰেণীৰ বাবে বিকল্প শৈক্ষিক কেলেণ্ডাৰ প্ৰস্তুত কৰিছে ৷ য'ত ঘৰতে থাকি শিক্ষা আহৰণ কৰিব পৰা কেতবোৰ বিষয় আৰু গতিবিধি সম্পৰ্কে উল্লেখ আছে ৷

ইউনিচেফৰ প্ৰতিবেদনত প্ৰকাশ পাইছে, ভাৰতত প্ৰায় চাৰি ভাগৰ এভাগ লোকৰ ঘৰতহে ইণ্টাৰনেটৰ সুবিধা আছে ৷ ইয়াৰ পৰা জানিব পাৰি যে, বৃহৎ সংখ্যক শিশুৰ বাবে শিক্ষা আহৰণৰ পথ সম্পূৰ্ণভাৱে প্ৰশস্ত নহয় ৷

ৰাষ্ট্ৰসংঘই উল্লেখ কৰা এক প্ৰতিবেদন মতে, ভাৰতৰ 4 কোটি শিশু পুষ্টিহীতাত আৰু 15-49 বছৰ বয়সৰ ভিতৰৰ মহিলাসকল এনিমিয়াৰ দ্বাৰা প্ৰভাৱিত ৷ শেহতীয়াকৈ লেনছেট গ্ল'ৱেল হেল্থ নামৰ আলোচনী খনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, এই মহামাৰীৰ ফলত নিয়মীয়া স্বাস্থ্য সেৱা স্তৰলৈ এক অভাৱ আহিছে ৷ যাৰ বাবে জীৱন-ৰক্ষক প্ৰতিৰক্ষণত এক ব্যৱধান উৎপন্ন হৈছে ৷

লগতে পঢ়কঃCOVID-19 : তেলেংগানাত নতুনকৈ আক্ৰান্ত 985 গৰাকী

ABOUT THE AUTHOR

...view details