অসম

assam

ETV Bharat / international

নেপাললৈ বিদ্যুৎ ৰপ্তানি কৰিছে ত্ৰিপুৰাই: উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মণ - ত্ৰিপুৰা শক্তি কোম্পানী

ত্ৰিপুৰাই ইয়াৰ পূৰ্বে 190 মেগা ৱাট বিদ্যুৎ বাংলাদেশলৈ ৰপ্তানি কৰি আহিছে আৰু এই বছৰৰ পৰা 40 মেগা ৱাট অতিৰিক্ত বিদ্যুৎ নেপাললৈ ৰপ্তানি কৰিব ৰাজ্যখনে ৷

নেপাললে বিদ্যুৎ ৰপ্তানি কৰিছে ত্ৰিপুৰায়ে: উপ মুখ্যমন্ত্ৰী যিস্নো দেব বৰ্মণ

By

Published : Jun 20, 2019, 2:54 PM IST

Updated : Jun 21, 2019, 11:59 AM IST

নিউজ ডেস্ক, 20 জুন: ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী জিষ্ণু দেৱ বৰ্মণে বুধবাৰে জানিবলৈ দিয়ে যে ৰাইজ্যখনে নেপাললৈ বিদ্যুৎ ৰপ্তানি কৰিছে ৷ তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনে ইয়াৰ পূৰ্বে 190 মেগা ৱাট বিদ্যুৎ বাংলাদেশলৈ ৰপ্তানি কৰি আহিছে আৰু এই বছৰৰ পৰা 40 মেগা ৱাট অতিৰিক্ত বিদ্যুৎ নেপাললৈ ৰপ্তানি কৰিব ৰাজ্যখনে ৷ বিদ্যুৎ ৰপ্তানি কৰি হোৱা লাভৰ ধন বিদ্যুত বিভাগৰ উন্নতিকৰণত ব্যৱহাৰ কৰা হ’ব ৷
ONGC ত্ৰিপুৰাৰ শক্তি কোম্পানীৰ দ্বাৰা পৰিচালিত পলাটনা গেছ থাৰমেল পাৱাৰ প্লান্টে বছৰী 726 মেগা ৱাট বিদ্যুত উৎপাদন কৰে ৷ এই উৎপাদিত বিদ্যুতৰ কেন্দ্ৰীয় শক্তি বিভাগে 58 শতাংশ বিদ্যুত উত্তৰ পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰিছে ইয়াৰে অসমক 280 মেগা ৱাট,ত্ৰিপুৰা 196 মেগা ৱাট,মেঘালয় 79 মেগা ৱাট,মণিপুৰ 42 মেগা ৱাট,নগালেণ্ড 27 মেগা ৱাট,অৰুণাচল প্ৰদেশ আৰু মিজোৰাম 22 মেগা ৱাট বিদ্যুৎ প্ৰদান কৰা হয় ৷

Last Updated : Jun 21, 2019, 11:59 AM IST

ABOUT THE AUTHOR

...view details