ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ :আফগানিস্তানত তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰিলে এগৰাকী মহিলা আৰক্ষীক ৷ BBC ৰ তথ্য অনুসৰি চেণ্ট্ৰেল ঘোৰ প্ৰদেশৰ ৰাজধানী ফিৰোজকোহত নিজ ঘৰতে তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰে মহিলা আৰক্ষী বিষয়াগৰাকীক ৷ নিহত আৰক্ষী বিষয়াগৰাকী বানু নিগাৰ বুলি জানিবলৈ দিছে স্থানীয় সংবাদ মাধ্যমে ৷ আফগানিস্তানত তালিবানৰ শাসনক লৈ মহিলাসকলৰ শংকিত হৈ থকাৰ সময়তেই এই ঘটনা পোহৰলৈ আহিছে ৷
ঘটনাৰ বিশদ বিৱৰণ দিবলৈ শংকিত হৈ আছে স্থানীয় লোকসকল ৷ কিয়নো তেওঁলোকে ভাবিছে তেওঁলোকে এই সন্দৰ্ভত কিবা ক’লে একে দশা হ’ব পাৰে ৷ কিন্তু সূত্ৰই BBC ক জনোৱা অনুসৰি শনিবাৰে স্বামী আৰু পুত্ৰৰ সন্মুখতে তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰে নিগাৰক ৷ সম্পৰ্কীয় লোকে মৃতদেহটোৰ কাষতে দেৱালত ছিটিকি পৰা তেজৰ দাগৰ লগতে মৃতদেহৰ ছবি সংবাদ মাধ্যমক দেখুৱাইছে ৷ মৃতদেহটোৰ মুখমণ্ডল সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে ৷
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি স্থানীয় এখন কাৰাগাৰত কাম কৰা নিগাৰ আছিল 8 মাহৰ গৰ্ভৱতী ৷ শনিবাৰে বন্ধুকধাৰী তিনিজন লোকে নিগাৰক বিচাৰি ঘৰলৈ আহে আৰু পৰিয়ালৰ লোকক অমানৱীয় ধৰণে ধৰি বান্ধি ৰাখে ৷