অসম

assam

ETV Bharat / international

লণ্ডনত সিন্ধি মহিলাৰ প্ৰতিবাদ

পাকিস্তানত থকা সিন্ধি লোকসকলক আতংকিত কৰিবলৈ তথা তেওঁলোকক দেশ এৰিবলৈ বাধ্য কৰিবলৈ বলপূৰ্বক ধৰ্মান্তৰকৰণ ঘটনা সংঘটিত কৰা হৈছে বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ ৷পাকিস্তানে ইচ্ছাকৃত ভাৱে সংখ্যালঘূসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰিছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ৷

লণ্ডনত সিন্ধি মহিলাৰ প্ৰতিবাদ

By

Published : Apr 14, 2019, 9:25 PM IST

লণ্ডন ,14 এপ্ৰিল: লণ্ডণৰ পাকিস্তানী উচ্চায়ুক্তৰ সন্মুখত সিন্ধি মহিলাৰ প্ৰতিবাদ ৷ পাকিস্তানত এগৰাকী হিন্দু মহিলাক বলপূৰ্বক ধৰ্মান্তৰ কৰাৰ প্ৰতিবাদত সাব্যস্ত কৰে প্ৰতিবাদ ৷

আন্তঃৰাষ্ট্ৰীয় সিন্ধি মহিলা সংস্থাৰ মহিলাসকলে পাকিস্তানৰ হিন্দু মহিলাৰ ক্ষেত্ৰত হৈ থকা অন্যায়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে সংখ্যালঘু মহিলাৰ বলপূৰ্বক ধৰ্মান্তকৰণ অমানৱীয় তথা মানৱধিকাৰৰ বিৰোধী ৷ দেশখন ইচ্ছাকৃত ভাৱে সংখ্যালঘু লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰিছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ৷ বিশ্ব সিন্ধি কংগ্ৰেছৰ চেয়াৰপাৰচন ৰুবিনা শ্বেইখে মন্তব্য কৰে যে ,দেশখনে কৌশলগতভাৱে সংখ্যালঘু লোকৰ ওপৰত হৈ থকা অত্যাচাৰ সমৰ্থন কৰি আহিছে ৷ এই ঘটনাই ধৰ্মীয় হিংসা বৃদ্ধি কৰিছে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাহাৰ্য বিচাৰি তেওঁ লগতে প্ৰকাশ কৰে যে , পাকিস্তানত থকা সিন্ধি লোকসকলক আতংকিত কৰিবলৈ তথা তেওঁলোকক দেশ এৰিবলৈ বাধ্য কৰিবলৈ বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰা হৈছে ৷ প্ৰতিবাদকাৰীসকলে লণ্ডনৰ পাকিস্তানী উচ্চায়ুক্তক এনে ধৰণৰ অপহৰণ আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণ তথা সিন্ধি হিন্দু বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details