ইন্টাৰনেছনেল ডেস্ক, 16 জুলাই :শুকুৰবাৰে, ১৭ জন লোকক কঢ়িয়াই নিয়া ৰাছিয়াৰ এণ্টনভ এএন-২৮(Antonov An-28) যাত্ৰীবাহী বিমানখন চাইবেৰিয়ান অঞ্চল টমস্কৰ ওপৰেৰে উৰা মাৰি থকা অৱস্থাত ৰাডাৰৰ পৰা নিখোজ হয় । টমস্ক অঞ্চলৰ কেড্ৰোভি চহৰৰ পৰা টমস্কৰ আঞ্চলিক ৰাজধানীলৈ উৰা মাৰিছিল বিমানখনে ৷ বিমানখনত ১৩ ৰ পৰা ১৭ গৰাকী যাত্ৰী আছিল বুলি টাছ্ (TASS) আৰু আৰআইএ( RIA) নামৰ সংবাদ সংস্থা(news agency) দুটাৰ বাতৰিত প্ৰকাশ পায় ।
অৱশ্যে, শেহতীয়া সংবাদ মতে বিমানখনৰ যাত্ৰী সকল সুৰক্ষিত অৱস্থাত আছে ৷ এই ঘটনাৰ প্ৰায় দুসপ্তাহৰ পূৰ্বে এক অনুৰূপ ঘটনাত এণ্টনভ এএন-২৬ নামৰ বিমানখনে এটা শিলত খুন্দা মাৰিছিল ৷ পাইলটে(pilot) আকাশমাৰ্গ সঠিক ভাৱে দেখা নোপোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাত এই ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাৰ ফলত বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী অৰ্থাৎ ২৮ গৰাকী লোকৰ মৃত্যু হৈছিল । ৰাছিয়াৰ পূব অংশৰ কামচাটকা উপদ্বীপত সংঘটিত হৈছিল এই ভয়াৱহ দূৰ্ঘটনা ৷