অসম

assam

ETV Bharat / international

370 বাতিলঃ পাকিস্তানে প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া - INDO-PAK TIES

পাকিস্তানে ভাৰতৰ পৰা প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া ৷ ইছলামাবাদত হোৱা এক বৈঠকত এই সিদ্ধান্ত লয় পাকিস্তানে ৷

370 বাতিলঃ পাকিস্তানে প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া

By

Published : Aug 7, 2019, 9:32 PM IST

নিউজ ডেস্ক, 7 আগষ্টঃ জম্মু কাশ্মীৰৰ বিশেষ ৰাইজৰ অধিকাৰ নতুন দিল্লীয়ে কৰ্তন কৰাৰ পিছতে ভাৰত-পাক কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে ৷ পাকিস্তানে ভাৰতৰ পৰা প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া ৷ ইছলামাবাদত হোৱা এক বৈঠকত এই সিদ্ধান্ত লয় পাকিস্তানে ৷ ইয়াৰ লগতে পাকিস্তানে কাশ্মীৰৰ লগত কোনো ধৰণৰ বাণিজ্যক সম্পৰ্ক নৰখাৰ কথা স্পষ্ট কৰে ৷ ইয়াৰ ওপৰিও পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বিয়ে এই কথা স্পষ্ট কৰে যে ,পাকিস্তানে ভাৰতৰ পৰা তেঁওলোকৰ ৰাষ্ট্ৰদূতক প্ৰত্যাহাৰ কৰিব আৰু ভাৰতৰ পাকিস্তানত থকা ৰাষ্ট্ৰদূতক পাকিস্তানৰ পৰা ওভতাই পঠাব ৷

370 বাতিলঃ পাকিস্তানে প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া
উল্লেখ্য যে, সোমবাৰে ভাৰত চৰকাৰে ধাৰা 370 বাতিল কৰিছিল যাৰ ফলত জম্মু, কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্য্যদা প্ৰদান কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details