অসম

assam

ETV Bharat / international

নেপাল ভূমিকম্পত বিধ্বস্ত বাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দিশে ভাৰত - নেপাল ভূমিকম্পত বিধ্বস্ত বাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দিশে ভাৰত

নেপালৰ ভূমিকম্প পীড়িত জনসাধাৰণৰ পুনৰ সংস্থাপনৰ বাবে ভাৰতে প্ৰদান কৰে 50,000 বাসগৃহ ৷ ইতিমধ্যেই বাসগৃহ নিৰ্মাণৰ 70 শতাংশ কাম সম্পূৰ্ণ কৰিছে ভাৰতে ৷

নেপাল ভূমিকম্পত বিধ্বস্ত বাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দিশে ভাৰত

By

Published : Apr 26, 2019, 2:51 PM IST

নিউজ ডেস্ক, 26 এপ্ৰিল : ভূমিকম্পই বিধ্বস্ত কৰা নেপাললৈ ভাৰতৰ সহায় স্বৰূপে প্ৰদায়ী 50,000 বাসগৃহ নিৰ্মাণৰ কাম ইতিমধ্যেই সমাপ্তৰ দিশে ৷ চুবুৰীয়া ৰাজ্যখনৰ ভূমিকম্প পীড়িত জনসাধাৰণ সাহাৰ্যৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা বাসভৱনৰ ইতিমধ্যেই 70 শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে ভাৰতে ৷

ইউনাইডেট নেশ্বন ডেভেলপমেণ্ট প্ৰগ্ৰেম তথা ইউনাইটেড নেশ্বন অফিচ ফৰ প্ৰজেক্ট চাৰ্ভিছে শুকুৰবাৰে প্ৰকাশ কৰে এই তথ্য ৷ 2015 চনত নেপালত উদয় হোৱা 7.8 মেগনিটিউট ভূমিকম্পৰ প্ৰকোপত চুবুৰীয়া দেশখনত মৃত্যুক সাৱটি লৈছিল 9000 জন লোকে ৷ ইয়াৰ উপৰিও গৃহহাৰা হৈছিল লক্ষাধিক লোক ৷ এই বিধ্বংসী ভূমিকম্পৰ পাচতে নেপালৰ জনসাধাৰণৰ পুনৰ সংস্থাপনৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰিছিল এক বিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য ৷ ইয়াৰে 150 মিলিয়ন ডলাৰ গৃহ নিৰ্মাণৰ বাবে আৱণ্টন কৰা হৈছিল ৷ আনহাতে, 100 মিলিয়ন সাহায্য পুঁজি হিচাপে যোগান ধৰা হৈছিল ভূমিকম্প পীড়িত লোকসকললৈ ৷

ABOUT THE AUTHOR

...view details