অসম

assam

ETV Bharat / international

নাইট মোড: পাকিস্তানত বিদ্যুৎ সংযোগ বিচ্ছিন্ন;ঘোৰ অন্ধকাৰত বহু চহৰ - power blackout

নেশ্যনেল ট্ৰেন্সমিছন ডেছপেটছ কোম্পানী (NTDC)ৰ বৈদ্যুতিক লাইন পিছলি যোৱাৰ ফলস্বৰূপে দেওবাৰে পাকিস্তানৰ বহুকেইখন চহৰ ডুব যায় ঘোৰ অন্ধকাৰত ৷ সমগ্ৰ বিষয়টোক এক ‘নাইট মোড’ আখ্যা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৷

Massive power blackout in Pakistan
পাকিস্তানত বিদ্যুৎ সংযোগ বিচ্ছিন্ন

By

Published : Jan 10, 2021, 2:14 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,10 জানুৱাৰী : দেওবাৰে পাকিস্তানৰ বহুকেইখন চহৰ ঘোৰ অন্ধকাৰত ডুব যায় ৷ সংবাদ মাধ্যমৰ প্ৰতিবেদনত জনোৱা মতে, দেওবাৰৰ মাজনিশাৰ পূৰ্বে এই ঘটনা সংঘটিত হয় ৷

প্ৰতিবেদনত উল্লেখিত অনুসৰি, কাৰাচী, ৰাৱলপিন্দী, লাহোৰ, ইছলামাবাদ, মুল্টান আৰু অন্য বহুকেইখন চহৰে এই অন্ধকাৰৰ সন্মুখীন হয় ৷

ইছলামাবাদৰ উপায়ুক্ত হামজা শ্বফাকটে টুইটযোগে কয় যে, নেশ্যনেল ট্ৰেন্সমিছন ডেছপেটছ কোম্পানী (NTDC)ৰ বৈদ্যুতিক লাইন পিছলি যোৱাৰ ফলতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ এন্ধাৰ হৈ যায় ৷ সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব ৷

আনহাতে শক্তিমন্ত্ৰী ওমৰ আয়ুবে কয় যে, বিদ্যুৎ বিতৰণ প্ৰণালীত বাৰংবাৰতা হঠাৎ 50ৰ পৰা 0 লৈ হ্ৰাস পাইছিল, যাৰ ফলস্বৰূপে সকলো বন্ধ হৈ পৰে ৷ বিভাগে বাৰংবাৰতা হ্ৰাসৰ বিষয়টো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷

এই বিপৰ্যয়ৰ পাচতে #blackout হেশ্বটেগেৰে টুইটাৰত নিশা 2.18 বজালৈকে প্ৰায় 52,800ৰো অধিক টুইট পৰিলক্ষিত হয় ৷ অৱশেষত সমগ্ৰ বিষয়টোক এক ‘নাইট মোড’ (নিশাৰ অৱস্থা) বুলি আখ্যা দিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷

লগতে পঢ়ক :জাভা সাগৰত উদ্ধাৰ সন্ধানহীন বিমানৰ ভগ্নাৱশেষ

ABOUT THE AUTHOR

...view details