অসম

assam

ETV Bharat / international

নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা - মঙলবাৰে নেপালে

মঙলবাৰে নেপালে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতাৰ বিষয়ে । নেপালে ধাৰণা কৰিছিল যে, ২০১৫ চনৰ ভূমিকম্পৰ পিছত মাউণ্ট এভাৰেষ্টৰ উচ্চতা পূৰ্বৰ দৰে ৮,৮৪৮ মিটাৰ হৈ থকা নাই ।

নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা
নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

By

Published : Dec 7, 2020, 1:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: প্ৰায় এবছৰ ধৰি চলা প্ৰচেষ্টাৰ অন্তত মঙলবাৰে নেপালে ঘোষণা কৰিব বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা । সকলো সংবাদ গোষ্ঠী আৰু প্ৰতিনিধিক আমন্ত্ৰিত কৰি সৰ্বেক্ষণ বিভাগে দেওবাৰে কয় যে, শৃংগটোৰ নতুন উচ্চতা নিৰূপণ সন্দৰ্ভত বিগত এটা বছৰে কাম কৰি আছিল । লগতে কয় যে, 'মঙলবাৰে দুপৰীয়া বিভাগীয় কাৰ্যালয়ত মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা ঘোষণা কৰিবলৈ এক অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।'

নতুন উচ্চতা নিৰূপণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা সকলো লোককে এই অনুষ্ঠানত সন্মানিত কৰা হ'ব বুলি সৰ্বেক্ষণ বিভাগৰ উপ-মহা নিৰ্দেশক সুশীল নৰসিংহ ৰাজভাণ্ডাৰীয়ে প্ৰকাশ কৰিছে । ২০১৫ চনৰ ভূমিকম্পৰ পিছত মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ হৈ আছেনে নাই সেই সন্দৰ্ভত এক নিশ্চিত তথ্য লাভ কৰাৰ বাবে পুনৰ জোখ-মাখৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল । বিগত এটা বছৰ ধৰি সৰ্বেক্ষণ বিভাগে এই বিষয়ত প্ৰয়াস অব্যাহত ৰাখে । অৱশেষত শৃংগটোৰ প্ৰকৃত উচ্চতা ৰাজহুৱা কৰাৰ দিন সমাগত ।

বিভাগীয় বিষয়া আৰু বিশেষজ্ঞক শৃংগটোৰ উচ্চতা পুনৰ নিৰূপণৰ বাবে নিয়োগ কৰি নেপাল চৰকাৰেও ঘৰুৱা প্ৰয়াসত চীন চৰকাৰক সহযোগ কৰে । ২০১৯ চনত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ নেপাল ভ্ৰমণৰ সময়ত দুয়োখন দেশে একেলগে মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা ঘোষণা কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰে । ১৯৫৪ চনত ভাৰতে চলোৱা সমীক্ষাৰ অন্তত নেপালী ভাষাত 'সাগৰমাথা' ৰূপে জনাজাত শৃংগটোৰ উচ্চতা ৮,৮৪৮ মিটাৰ বুলি ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক:চীনৰ কয়লাখনিত সংঘটিত দুৰ্ঘটনাত নিহত 18 গৰাকী লোক

ABOUT THE AUTHOR

...view details