অসম

assam

ETV Bharat / international

ত্ৰিদেশীয় ভ্ৰমণ আৰু G7 শীৰ্ষ সন্মিলনৰ পৰা উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - G7 শীৰ্ষ সন্মিলন

ত্ৰিদেশীয় ভ্ৰমণ আৰু G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ 22 আগষ্টত ফ্ৰাঞ্চৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা ৷

ত্ৰিদেশীয় ভ্ৰমণ আৰু G7 শীৰ্ষ সন্মিলনৰ পৰা ওভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

By

Published : Aug 27, 2019, 10:36 AM IST

নেশ্যনেল ডেস্ক, 27 আগষ্টঃ মঙলবাৰে পুৱা ত্ৰিদেশীয় ভ্ৰমণ আৰু G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ 22 আগষ্টত ফ্ৰাঞ্চৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা ৷ ফ্ৰাঞ্চতেই G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰোণৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰন জনাইছিল প্ৰধানমন্ত্ৰী মোদীক ৷ এই সময়চোৱাত প্ৰধানমন্ত্ৰীগৰাকীক আৰবৰ ৰাজকুমাৰে 23 আগষ্টত আৰবৰ সৰ্বোচ্চ অসামৰিক সন্মান 'Order of Zayed' আৰু বাহৰেইনৰ ৰজাই 25 আগষ্টত 'The King Hamad Order of the Renaissance' সন্মান প্ৰদান কৰিছিল ৷

ত্ৰিদেশীয় ভ্ৰমণ আৰু G7 শীৰ্ষ সন্মিলনৰ পৰা ওভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহগন কৰে ৷ এই সন্মিলনত তেওঁ পৰিবেশ, জলবায়ু, মহাসাগৰ, ডিজিটেল ৰূপান্তৰ আদিৰ দিশত বক্তৃতা আগবঢ়াই ৷ এই সন্মিলনতে ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশ্মীৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড্ৰনাল্ড ট্ৰাম্পৰ লগত আলোচনাত মিলিত হয় ৷

ABOUT THE AUTHOR

...view details