অসম

assam

ETV Bharat / international

কাবুলৰ মছজিদৰ ভিতৰত বোমা বিস্ফোৰণ, নিহত 1, আহত 3

সন্ধিয়া 7.25 বজাত প্ৰাৰ্থনা সভাৰ সময়ত আফগানিস্তানৰ এটা মছজিদত সংঘটিত হয় বিস্ফোৰণ । কোনো ইছলামিক সংগঠনে স্বীকাৰ কৰা নাই এই ঘটনাৰ দায়িত্ব ।

By

Published : Jun 3, 2020, 12:28 AM IST

কাবুলৰ মদজিতৰ ভিতৰত বোমা বিস্ফোৰণ
কাবুলৰ মদজিতৰ ভিতৰত বোমা বিস্ফোৰণ

নিউজ ডেস্ক, 2 জুনঃ আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ এটা মছজিদৰ ভিতৰত মঙলবাৰে সংঘটিত হয় এটা বোমা বিস্ফোৰণৰ ঘটনা । সন্ধিয়া 7.25 বজাত ৱাজিব আকবৰ খান মছজিদত এই বিস্ফোৰণ সংঘটিত হয় । ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷ আনহাতে ইমামকে ধৰি আন তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিস্ফোৰণৰ ফলত।

সন্ধিয়া প্ৰাৰ্থনা সভাৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ । বিস্ফোৰণৰ পাচত বৰ্তমানলৈ কোনো ইছলামিক সংগঠনে স্বীকাৰ কৰা নাই এই ঘটনাৰ দায়িত্ব । উল্লেখ্য যে, তালিবানে মছজিদৰ ভিতৰত এনে দুষ্কাৰ্য সংঘটিত নকৰে বুলি দাবী কৰে ।

আফগানিস্তানত ধৰ্মীয় অনুষ্ঠানত আক্ৰমণৰ সংখ্যা বিগত কিছুদিনৰ পৰা বৃদ্ধি পায় আহিছে । বিগত মাহতো উত্তৰ পাৰৱান অঞ্চলৰ এটা মছজিদত হোৱা বোমা বিস্ফোৰণত নিহত হৈছিল 11 গৰাকী ধৰ্মীয় উপাসক ।

ABOUT THE AUTHOR

...view details