অসম

assam

ETV Bharat / international

ইজৰাইলত আৰম্ভ হ’ল ক’ভিড ভেকছিনৰ মানৱ পৰীক্ষা - ইজৰাইল

ইজৰাইলৰ চিকিৎসালত চলিছে ক’ভিড ভেকছিনৰ মানৱ পৰীক্ষা ৷ "ব্ৰিলাইফ" নামৰ ভেকচিনেৰে বৰ্তমান পৰীক্ষা কৰা হৈছে ৷ অতি সোনকালে এি ভেকচিনে সফল ৰূপ পোৱাৰ সম্ভাৱনা আছে ৷

ইজৰাইলত আৰম্ভ হ’ল ক’ভিড ভেকছিনৰ মানৱ পৰীক্ষা
ইজৰাইলত আৰম্ভ হ’ল ক’ভিড ভেকছিনৰ মানৱ পৰীক্ষা

By

Published : Nov 2, 2020, 8:34 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 2 নৱেম্ববৰ :ইজৰাইলে আৰম্ভ কৰিছে COVID-19 ভেকছিনৰ মানৱ পৰীক্ষণ প্ৰক্ৰিয়া ৷ হাড্ডাচ্চাহ আৰু শ্বেবা চিকিৎসা কেন্দ্ৰই প্ৰকাশ কৰে এই কথা ৷

মধ্য ইজৰাইলত অৱস্থিত শ্বেবা হাস্পটালত,এজন 26 বছৰীয়া ব্যৱসায়িক শিক্ষাৰ্থী এজনক ইজৰাইলী ইনষ্টিটিউট অৱ বায়'লজিকেল ৰিচাৰ্জ (আইআইবিআৰ) এ সৃষ্টি কৰা "ব্ৰিলাইফ" ভেকছিন প্ৰদান কৰা হয় ৷

ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটন্যাহুই দেওবাৰে শ্বেবা হাস্পটালত উপস্থিত হৈ কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ এয়াই উচিত সময় বুলি মন্তব্য আগবঢ়ায় ৷ একে সময়তেই আন এজন 34 বছৰীয়া স্বেচ্ছাসেৱীক জিৰুচালেমৰ হাড্ডাচ্চাহ হাস্পটালত প্ৰতিষেধক দিয়া হৈছে ৷

লগতে পঢ়ক:পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details