অসম

assam

ETV Bharat / international

আন্তৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসঃ আমাৰ সমাধান প্ৰকৃতিৰ মাজত

17 খন জৈৱবৈচিত্ৰৰে ধনী দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম । বিশ্বৰ 8 শতাংশ প্ৰজাতিয়ে ভৰতবৰ্ষৰ বুকুত পোৱা যায় । জৈৱ বৈচিত্ৰৰ সৰ্বাধিক ঘনত্ব হিমালয়,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা পশ্চিম ঘাট অঞ্চলসমূহত পোৱা যায় । দুৰ্ভাগ্যৱশত প্ৰায় 70 শতাংশ প্ৰজাতিয়ে প্ৰদূষণৰ বাবে আমি হেৰুৱাই পেলাইছো । চিতা বাঘ আৰু গোলাপী মুৰৰ হাঁহ ইয়াৰ ভিতৰত উল্লেখযোগ্য । শেহতীয়া এক গৱেষণা অনুসৰি প্ৰতিদিনে প্ৰায় 100ৰ পৰা 150 টা প্ৰজাতি পৃথিৱীৰ বুকুৰ পৰা নাইকীয়া হৈ গৈ আছে । ইয়াৰ অৰ্থ এইটোৱেই যে প্ৰতিবছৰ আমি প্ৰায় 80,000 বিভিন্ন প্ৰজাতিৰ আমি হেৰুৱাই আছো ।

International Day for Biological Diversity: 'Our solutions are in nature
আন্তৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসঃ আমাৰ সমাধান প্ৰকৃতিৰ মাজত

By

Published : May 22, 2020, 3:10 PM IST

নিউজ ডেক্স,22 মেঃএই পৃথিৱীখন হ'ল বিভিন্নধৰণৰ উদ্ভিদ আৰু জীৱ-জন্তুৰ মাতৃ । এই প্ৰজাতিসমূহ কেইবা মিলিয়ন বছৰ ধৰি আমাৰ সৈতে সহবাস কৰি আহিছে । প্ৰত্যকেটো প্ৰজাতিয়ে প্ৰকৃতিৰ বুকুত নিজস্ব ধৰণে পৰিচালিত হৈ আহিছে । কিন্তু ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা মানুহৰ জীৱনধাৰণ প্ৰক্ৰিয়াৰ উন্নীতকৰণৰ ব্যস্ততাত আমি প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ কথা সম্পূৰ্ণৰূপে পাহৰি পেলাইছো । আমি তেঁওলোকক আমাৰ সৈতে সহবাস কৰাৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদানত অসমৰ্থ হৈছো । তেঁওলোকৰ ভাল লগা বেয়া লগাসমূহ বিস্তৃতভাৱে জনাৰ বাবে ৰাষ্ট্ৰ সংঘই 22 মে'ক 'আন্তৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস' হিচাপে ঘোষণা কৰিছে । ৰাষ্ট্ৰ সংঘই এইবৰ্ষৰ বিষয়টো 'আমাৰ সমাধান প্ৰকৃতিৰ মাজত' হিচাপে নামাকৰণ কৰিছে ।

জৈৱ বৈচিত্ৰৰ উৎসসমূহ আমাৰ সভ্যতা নিৰ্মানৰ স্তম্ভঃ

খাদ্য গ্ৰহণৰ পৰা আৰম্ভ কৰি ইন্ধন ব্যৱহাৰলৈকে মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে । নিৰ্মান, কৃষি, খাদ্য আৰু পানী এই তিনিটা ক্ষেত্ৰতে বৃহৎ উদ্যোগসমূহ প্ৰধানকৈ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল । ভাৰতবৰ্ষৰ দৰে দেশসমূহ, য'ত প্ৰায় 70 শতাংশ লোক গ্ৰামাঞলত বসবাস কৰে মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল । এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে, উন্নয়নশীল দেশসমূহত গ্ৰামাঞ্চলত বাস কৰা 80 শতাংশ লোকেই স্বাস্থ্যসেৱাৰ বাবে পৰম্পৰাগত গছপুলিৰ ওপৰতে নিৰ্ভৰশীল ।

2020 বৰ্ষৰ বিষয়ঃ আমাৰ সমাধান প্ৰকৃতিৰ মাজত

এই বিষয়োটৱে বুজায় যে, আমি প্ৰকৃতিৰ পৰা ভিন্ন নহয়, প্ৰকৃতিৰহে অংশ । আৰু ই আশা, সংহতি আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীৱৰ ভৱিষ্যত গঢ়াৰ বাবে একত্ৰিত হৈ কাম কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

সকলোধৰণৰ প্ৰযুক্তিগত উন্নয়নৰ পিছতো আমি পানী, খাদ্য, ঔষধ, বস্ত্ৰ, ইন্ধন, আশ্ৰয়, শক্ৰিৰ বাবে সু-স্বাস্থ্যকৰ,আৰু জীৱিত পৰিস্থিতি তন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল ।

আমি প্ৰতিদিনে 150 টাকৈ জীৱৰ প্ৰজাতি হেৰুৱাই আছো

17 খন জৈৱবৈচিত্ৰৰে ধনী দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম । বিশ্বৰ 8 শতাংশ প্ৰজাতিয়ে ভৰতবৰ্ষৰ বুকুত পোৱা যায় । জৈৱ বৈচিত্ৰৰ সৰ্বাধিক ঘনত্ব হিমালয়,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা পশ্চিম ঘাট অঞ্চলসমূহত পোৱা যায় । দুৰ্ভাগ্যৱশত প্ৰায় 70 শতাংশ প্ৰজাতিয়ে প্ৰদূষণৰ বাবে আমি হেৰুৱাই পেলাইছো । চিতা বাঘ আৰু গোলাপী মুৰৰ হাঁহ ইয়াৰ ভিতৰত উল্লেখযোগ্য ।

শেহতীয়া এক গৱেষণা অনুসৰি প্ৰতিদিনে প্ৰায় 100ৰ পৰা 150 টা জীৱৰ প্ৰজাতি পৃথিৱীৰ বুকুৰ পৰা নাইকীয়া হৈ গৈ আছে । ইয়াৰ অৰ্থ এইটোৱেই যে প্ৰতিবছৰ আমি প্ৰায় 80,000 বিভিন্ন জীৱৰ প্ৰজাতিৰ আমি হেৰুৱাই আছো ।

জৈৱ বৈচিত্ৰ ৰক্ষণাবেক্ষণ বৰ্তমানৰ প্ৰয়োজনীয়তাঃ

জৈৱ বৈচিত্ৰৰ হ্ৰাসে আমাৰ খাদ্য সৰবৰাহ, বিনোদন, পৰ্যটন, ঔষধ, কাঠ তথা শক্তিৰ উৎসসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । ই প্ৰয়োজনীয় পৰিৱেশৰ কাৰ্যকলাপৰ ওপৰতো হস্তক্ষেপ কৰে । প্ৰকৃতাৰ্থত সাম্প্ৰতিক সময়ত সংক্ৰামক ৰোগসমূহৰ 70 শতাংই জুনোচিছৰ দ্বাৰা উদ্ভৱ হয় । যিহেতু প্ৰকৃতিত উপলব্ধ প্ৰায়বোৰ জীৱ প্ৰজাতিয়েই সংক্ৰমণৰ প্ৰসাৰত জড়িত হৈ থাকে সেয়েহে জৈৱ বৈচিত্ৰৰ হ্ৰাসে বীজাণুসমূহ মানৱ শৰীৰত প্ৰৱেশৰ আশংকা বৃদ্ধি পায় ।

বিশ্ব স্বাস্থ্য সংস্থাই আমাক সম্ভাৱিত অপ্ৰত্যাশিত পৰিস্থিতিসমূহৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনাইছে । বিজ্ঞানীসকলেও এইটো কথাত গুৰুত্ব প্ৰদান কৰিছে যে, আমি স্বাস্থ্য, কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে গ্ৰহৰ স্থিৰতা ৰক্ষাৰ বাবে এই জীৱ প্ৰজাতি সমূহ ৰক্ষণাবেক্ষণ দিয়াটো অতি জৰুৰী ।

লগতে পঢ়ক- কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক

ABOUT THE AUTHOR

...view details