অসম

assam

ETV Bharat / international

আফগানিস্তানত অসুৰক্ষিত হিন্দু ; ভাৰতত স্থান দিয়াৰ আহ্বান নিৰ্যাতিতৰ - শিখ

তালিবানৰ কু-কৰ্মই জোকাৰিছে দেশ তথা বিশ্ব ৷ আফগানিস্তানত সংখ্যালঘু হিচাপে চিহ্নিত ১৮০ গৰাকী শিখ সম্প্ৰদায়ৰ ব্যক্তিৰ ওপৰত তালিবানে চলাইছে অকথ্য নিৰ্যাতন ৷ আফগানিস্তানত নিৰ্যাতিত হিন্দুসকলক ভাৰতলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে নিৰ্যাতিতসকলে ৷

Insecure Hindus in Afghanistan
আফগানিস্তানত অসুৰক্ষিত হিন্দু

By

Published : Oct 24, 2021, 12:02 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ :অসুৰক্ষিত হৈ পৰিছে আফগানিস্তানত বাস কৰা হিন্দুসকল ৷ বিশেষকৈ আফগানিস্তানৰ শিখ, হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ জীৱনলৈ আহিছে ভাবুকি ।

শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি, আফগানিস্তানত সংখ্যালঘু হিচাপে চিহ্নিত শিখ সম্প্ৰদায়ৰ ওপৰত তালিবানে চলাইছে অকথ্য নিৰ্যাতন ৷ যাৰ বাবে আফগানিস্থানত নিৰ্যাতনৰ সন্মুখীন হোৱা ১৮০ গৰাকী শিখ সম্প্ৰদায়ৰ লোকে আফগানিস্তান এৰি ভাৰতলৈ ঢাপলি মেলিছে ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো কাষ চাপিছে এইসকল আফগানী হিন্দুৱে ৷

আফগানিস্তানত অসুৰক্ষিত হিন্দু

তালিবানৰ দ্বাৰা আফগানিস্তানত শিখসকলক হত্যাৰ ভাবুকি দিয়াৰ পিছতে পঞ্জাৱৰ আকালি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী দলজিৎ সিং সীমাই এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ সীমাই কয় যে, আফগানিস্তানত হিন্দুসকলক কৰা অত্যচাৰ সঁচাই এক গম্ভীৰ তথা চিন্তনীয় বিষয় ৷ এই সন্দৰ্ভত ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত ৷ আনকি আফগানিস্তানৰ শিখ ভাইসকলক নিৰাপদে উদ্ধাৰ কৰা উচিত ।

পঞ্জাৱৰ আকালি দলৰ নেতাগৰাকীয়ে তালিবানৰ এই নিকৃষ্ট কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীক শীঘ্ৰে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?

ABOUT THE AUTHOR

...view details