অসম

assam

ETV Bharat / international

ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা দিলে ভাৰতীয় মূলৰ আমেৰিকানে - চীন

বিডেন আৰু হেৰিছে ভাৰত তথা ভাৰতবাসীক ভালকৈ বুজি পায় বুলি মন্তব্য ভাৰতীয় মূলৰ আমেৰিকানৰ ৷ ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা অধিকাংশ ভাৰতীয় মূলৰ আমেৰিকানৰ ৷ বিডেন আৰু হেৰিছৰ দল শাসনলৈ আহিলে ভাৰত তথা আমেৰিকা উভয় দেশৰে অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ'ব বুলিও ভাৰতীয় মূলৰ আমেৰিকান সকলে মন্তব্য প্ৰদান কৰে ৷

ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা দিলে ভাৰতীয় মূলৰ আমেৰিকানে
ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা দিলে ভাৰতীয় মূলৰ আমেৰিকানে

By

Published : Oct 24, 2020, 10:56 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ:জ' বিডেন আৰু তেওঁৰ সদ্যচলিত সহকাৰী কমলা হেৰিছে ভাৰতীয় মূলৰ আমেৰিকান সম্প্ৰদায়ক যথেষ্ট ভালকৈ বুজি পোৱা যেন পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ গণতান্ত্ৰিক প্ৰাৰ্থী দুগৰাকীৰ প্ৰতি সমৰ্থন জনাই ভাৰতীয় মূলৰ আমেৰিকান সকলে কৰা মন্তব্য সমূহত এই কথাই প্ৰমাণিত হৈছে ৷ ভাৰতীয় মূলৰ এই আমেৰিকান সকলে ভাৰতক বিশ্ব প্ৰেক্ষাপটত সমালোচনা কৰাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক শত্ৰু হিচাপে অভিহিত কৰে ৷

নৱেম্বৰ 3 তাৰিখে অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এপষেকো বাকী নথকাৰ সময়তে ভাৰতীয়-আমেৰিকান সকলে শুকুৰবাৰে কয় যে প্ৰথমে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেটৰ হিচাপে আৰু তাৰ পাছৰ পৰ্যায়ত উপ-ৰাষ্ট্ৰপতি হিচাপে বিডেনে এই সম্প্ৰদায়টোক সহায় কৰাৰ বহুতো উদাহৰণ আছে ৷ মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ট্ৰাম্পক বিডেনে প্ৰত্যহ্বান জনাব ৷

চিলিকনৰ এগৰাকী উদ্যমী অজয় জৈন ভুট'ৰীয়াই কয় যে,"ট্ৰাম্পৰ চাৰি বছৰৰ শাসনৰ পাছত আমি এই কথা বুজি উঠিছো যে আমাৰ ল'ৰা ছোৱালী আৰু নাতি নাতিনী সকলে আমি পোৱা সুযোগ সুবিধা বোৰ পাবলৈ সক্ষম ন'হব ৷ আমাক এজন আমাৰ জাতিটোক, জাতিটোৰ মূল্যবোধ আৰু সন্মান বুজি পোৱা নেতাৰ প্ৰয়োজন ৷ যিগৰাকী নেতাই আমাৰ কষ্ট বুজি সেই কষ্টৰ স্বীকৃতি প্ৰদান কৰে আৰু নিজৰ প্ৰশাসনৰ অধীনত আমাক সমান সা-সুবিধা প্ৰদান কৰে তেনে এগৰাকী নেতাকহে আমাৰ প্ৰয়োজন আছে ৷"

ভুট'ৰীয়াই কয় যে বিডেন আৰু হেৰিছেহে মধ্যবিত্ত অৰ্থনীতিক পুনৰোজ্জীৱিত কৰি আমেৰিকাৰ নেতৃত্বক বিশ্ব প্ৰেক্ষাপটত স্থাপন কৰাৰ লগতে ভাৰতৰ সৈতে পুনৰ সু-সম্পৰ্ক স্থাপন কৰি দেশখনক এই বিশৃংখলতাৰ পৰা ৰক্ষা কৰি পুনৰ সংস্থাপিত কৰিব পাৰিব ৷

ৰাষ্ট্ৰপতি প্ৰতিদ্বন্দিতাৰ বাবে হোৱা অন্তিমখন তৰ্কৰ কথা উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতক বিশ্ব প্ৰেক্ষাপটত সমালোচনা কৰিছে ৷ ট্ৰাম্পক শত্ৰু আখ্যা দি তেওঁ কয় যে, আমি ভাৰতৰ শত্ৰু কোন আৰু বন্ধু কোন সেই কথা বুজি পাওঁ ৷ উল্লেখ্য যে, অন্তিমখন তৰ্কত ট্ৰাম্পে চীন, ভাৰত আৰু ৰাছিয়াক দূষিত বায়ুৰ ক্ষেত্ৰত দেশকেইখনে কোনো ব্যৱস্থা নোলোৱাৰ আৰোপ কৰে ৷

কেলিফৰ্ণিয়াৰ ৰাজ্যিক বিধান সভাৰ সদস্য এইশ কালৰাই কয় যে চিনেটৰ হেৰিছ আৰু তেওঁৰ ভগ্নী মায়াক তেওঁ প্ৰায় দুই দশক ধৰি জানে ৷ তেওঁ লগতে কয় যে প্ৰয়াত মাতৃ শ্যামলা গোপালন হেৰিছৰ প্ৰতি থকা ভালপোৱাৰ সমানেই কমলাই তেওঁ ভাৰতীয় মূলৰ হোৱাক লৈ গৌৰৱ অনুভৱ কৰে ৷ কালৰাই লগতে কয় যে জ' বিডেন এনে এজন নেতা যিজনে ভাৰতীয় সকলৰ প্ৰয়োজনীয়তা সমূহ যে তেওঁ ভালদৰে বুজি পায় সেই কথা তেওঁৰ দীৰ্ঘদিনীয়া কাৰ্যকালত প্ৰমাণ কৰি আহিছে ৷ গতিকে এই কথা নিশ্চিত যে বিডেনৰ সৈতে কমলা হেৰিছে ভাৰতীয় সকলৰ বাবে কাম কৰিব ৷

অদিতি পালে কয় যে, এই সম্প্ৰদায়টোৱে বিডেনক সদায় ভাৰতৰ এজন বন্ধু হিচাপেই জানি আহিছে ৷ অশোক ভট্ট নামৰ এগৰাকী ব্যৱসায়ীয়ে মন্তব্য কৰে যে বিডেন-কমলা নেতৃত্বাধীন দলটো ভাৰতীয়-আমেৰিকান সকলৰ বন্ধুত্বৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব আৰু ইয়াৰ জড়িয়তে দুয়োখন দেশৰে অৰ্থনৈতিক ব্যৱস্থা যথেষ্টখিনি আগবাঢ়ি যাব ৷ বিডেনক লৈ নেহা দেৱানে মন্তব্য কৰে যে ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ সৈতে বিডেন গভীৰভাৱে জড়িত ৷ উপ-ৰাষ্ট্ৰপতি হিচাপে বিডেনে ভাৰত আৰু ভাৰতীয়-আমেৰিকান সকলৰ সম্পৰ্ক যথেষ্ট শক্তিশালী কৰি তুলিছিল ৷

লগতে পঢ়ক:ভাৰতীয় আমেৰিকান সম্প্ৰদায়ক লৈ অনুভৱ ব্যক্ত জ’ বিডেনৰ

ABOUT THE AUTHOR

...view details