অসম

assam

ETV Bharat / international

প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন - প্ৰতিৰক্ষা সহযোগিতা

ভাৰত আৰু জাপানৰ মাজত বৃহস্পতিবাৰে স্বাক্ষৰ হয় এক দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তি ৷ ভাৰতীয় প্ৰতিৰক্ষা বাহিনী আৰু জাপানৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত পাৰস্পৰিক প্ৰতিৰক্ষা যোগান আৰু সেৱাৰ আদান-প্ৰদান সন্দৰ্ভত এই চুক্তি স্বাক্ষৰিত হয় ৷ নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ড৹ অজয় কুমাৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত চুজুকী চাতোশীয়ে চুক্তিত স্বাক্ষৰ কৰে ৷

প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন
প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন

By

Published : Sep 10, 2020, 6:09 PM IST

নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ : সামৰিক ক্ষেত্ৰখনত পাৰস্পৰিক সহযোগিতাৰে আগবাঢ়ি যাবলৈ এক বিশেষ চুক্তিত উপনীত হয় ভাৰত আৰু জাপান ৷ দুয়োখন দেশেই বৃহস্পতিবাৰে এক বিশেষ চুক্তিৰে দুয়োপক্ষৰ সেনাৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এক চুক্তি স্বাক্ষৰ কৰে ৷

লগতে পঢ়ক :প্ৰথমখন ত্ৰিদেশীয় বৈঠকত মিলিত হ'ব ভাৰত, ফ্ৰান্স, অষ্ট্ৰেলিয়া

বৃহস্পতিবাৰে নতুন দিল্লীত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হয় এক দ্বিপাক্ষিক চুক্তি ৷ সামৰিক পাৰস্পৰিক সহযোগিতাৰে দুয়োখন দেশে এই চুক্তি স্বাক্ষৰ কৰে ৷ ভাৰতৰ হৈ প্ৰতিৰক্ষা সচিব ড৹ অজয় কুমাৰ আৰু জাপানৰ হৈ দেশখনৰ ৰাষ্ট্ৰদূত চুজুকী চাতোশীয়ে এই চুক্তিত স্বাক্ষৰ কৰে ৷ নতুন দিল্লীত স্বাক্ষৰ কৰা এই চুক্তিখনৰ দ্বাৰা দুয়োখন দেশেই প্ৰতিৰক্ষা ক্ষেত্ৰখনত পাৰস্পৰিক সহযোগিতাৰে কাম কৰিবলৈ সহমত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে লাডাখত মহিলা চিকিৎসক নিয়োগ ITBPৰ

এই চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত পাৰস্পৰিক দিশত বিশেষকৈ সামৰিক যোগান আৰু সেৱাৰ আদান প্ৰদানৰ লগতে দ্বিপাক্ষিক প্ৰশিক্ষণ, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ অভিযান, মানৱীয় আন্তঃৰাষ্ট্ৰীয় সহায়কাৰী অভিযান আৰু পাৰস্পৰিক সহযোগিতামূলক অভিযানত অংশগ্ৰহণ কৰাত সহমতত উপনীত হয় ৷

প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন

জাপান আৰু ভাৰতৰ মাজত সম্পাদিত এই চুক্তিক লৈ বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰিছে ৷ বিবৃতিটোত দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তিখনৰ দ্বাৰা দুয়োখন দেশৰ প্ৰতিৰক্ষা খণ্ডত বিশেষ সামৰিক মনোনিৱেশ আৰু সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হয় ৷ আনহাতে দুয়োখন দেশৰ মাজত আন এক সামগ্ৰীজনিত প্ৰতিৰক্ষা চুক্তি সম্পাদন হোৱাৰো সম্ভাৱনা আছে ৷ "Acquisition and Cross Servicing Agreement"ৰ অধীনত জাপানৰ কিছুসংখ্যক প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থাই ভাৰতত উৎপাদনত মনোনিৱেশ কৰাত আগস্থান দিয়া হ'ব ৷

লগতে পঢ়ক :সীমান্ত উলংঘনৰ অনুমতি নিদিব, সম্পূৰ্ণ অনুশাসন মানি চলক : গ্ৰাউণ্ড কমাণ্ডাৰলৈ সেনাৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details