নিউজ ডেস্ক, 10 জুলাই : 2017 চনত ভাৰত আৰু ম্যানমাৰৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তি অনুসৰি 250 টা গৃহ ম্যানমাৰক হস্তান্তৰ কৰে ভাৰতে ৷ এই আটাইকেইটা গৃহ বাংলাদেশৰ পৰা গৈ ম্যানমাৰত আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থীৰ বাবে আৱন্টিত৷ ম্যানমাৰৰ ৰাখেইন প্ৰদেশত নিৰ্মাণ কৰা হৈছে গৃহকেইটা ৷ নিৰ্মিত ঘৰকেইটাৰ নথি-পত্ৰ ৰাজ্যখনৰ শক্তি আৰু পৰিবহণ মন্ত্ৰী U Aung Kyaw Zan ক হস্তান্তৰ কৰে ভাৰতীয় ৰাষ্ট্ৰদূত সৌৰভ কুমাৰে ৷
ম্যানমাৰক 250 টা গৃহ হস্তান্তৰ ভাৰতৰ - কৃষি
ৰাখেইন প্ৰদেশত নিৰ্মাণ 250 টা গৃহ ৷ 2017 চনত ভাৰত আৰু ম্যানমাৰৰ মাজত সম্পাদিত হৈছিল বুজাবুজি চুক্তি ৷ বাংলাদেশৰ পৰা গৈ ম্যানমাৰত আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থীৰ বাবে আৱন্টিত উক্ত গৃহ
ম্যানমাৰক 250 টা গৃহ হস্তান্তৰ ভাৰতৰ
উল্লেখ্য যে বাংলাদেশৰ চুবুৰীয়া প্ৰদেশ ৰাখেইনৰ আৰ্থ-সামাজিক দিশ উন্নয়নৰ বাবে ভাৰত আৰু ম্যানমাৰৰ মাজত 2017 চনত এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল ৷ সেই চুক্তি অনুযায়ী প্ৰথম পৰ্যায়ত ভাৰতে নিৰ্মাণ কৰে এই 250 টা গৃহ ৷ ভাৰত চৰকাৰে আৰু 22 টা প্ৰস্তাৱ আগবঢ়াইছে য’ত সন্নিৱিষ্ট আছে কৃষি, শক্তি ইত্যাদি একাধিক আঁচনি ৷