অসম

assam

'ইছলাম'ফোবিয়া' সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক কটাক্ষ ইমৰান খানৰ

By

Published : Oct 26, 2020, 3:48 PM IST

দুখজনকভাৱে ৰাষ্ট্ৰপতি মেক্ৰনে ইছলাম আৰু আমাৰ পয়গম্বৰক লক্ষ্য কৰি বিৰূপ কাৰ্টুন প্ৰদৰ্শনক উৎসাহিত কৰি ইচ্ছাকৃতভাৱে তেওঁৰ নাগৰিকসহ মুছলমানসকলক উত্তেজিত কৰিবলৈ চেষ্টা কৰিছে : ইমৰান খান

Imran slams Macron for 'creating further polarisation'
'ইছলাম'ফোবিয়া' সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক কটাক্ষ ইমৰান খানৰ

নিউজ ডেস্ক, 26 অক্টোবৰ: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 'ইছলাম'ফোবিয়া'সন্দৰ্ভত কৰা নিজৰ মন্তব্যত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক নিন্দা কৰি কয় যে,"বিষয়টো আগলৈ অধিক ধৰ্মীয় মেৰুকৰণ আৰু প্ৰান্তিকীকৰণৰ দিশে গতি কৰিলে প্ৰসংগটো অধিক কট্টৰতাৰ দিশে ধাৱমান হ‘ব ।"

খানে ২১ অক্টোবৰত মেক্ৰনৰ বিবৃতিৰ কথা উল্লেখ কৰি কয় যে "ফ্ৰান্সে কেতিয়াও কাৰ্টুন ত্যাগ নকৰিব", যিটো তেওঁ শ্ৰেণীত পয়গম্বৰ মোহাম্মদৰ কাৰ্টুন দেখুওৱাৰ বাবে শিৰচ্ছেদ কৰা শিক্ষক চেমুৱেল পেটিক শ্ৰদ্ধাঞ্জলি জনাওতে কৰিছিল।

দেওবাৰে কেইবাটাও টুইটত পাকিস্তানী প্ৰধানমন্ত্ৰী জনে কয় যে, "এজন নেতাৰ পৰিচয় হৈছে তেওঁ মানুহক বিভাজিত কৰাৰ সলনি একত্ৰিত কৰে, যেনেদৰে (নেলছন) মেণ্ডেলাই কৰিছিল। "

ইমৰান খানে আন এক টুইটত কয় যে, " এয়া দুৰ্ভাগ্য়জনক কথা যে, তেখেতে হিংসাত্মক কাৰ্য সংঘটিত কৰা সন্ত্ৰাসবাদীৰ পৰিৱৰ্তে ইছলামক আক্ৰমণ কৰি 'ইছলাম'ফোবিয়া'ক উদগনি যোগাইছে ৷ "

"দুখজনকভাৱে ৰাষ্ট্ৰপতি মেক্ৰনে ইছলাম আৰু আমাৰ পয়গম্বৰক লক্ষ্য কৰি বিৰূপ কাৰ্টুন প্ৰদৰ্শনক উৎসাহিত কৰি ইচ্ছাকৃতভাৱে তেওঁৰ নাগৰিকসহ মুছলমানসকলক উত্তেজিত কৰিবলৈ চেষ্টা কৰিছে।" খানে কয় ৷

তদুপৰি ইমৰান খানে কয় যে, "ইছলামক আক্ৰমণ কৰি স্পষ্টভাৱে ইয়াক বুজি নোপোৱাকৈ ৰাষ্ট্ৰপতি মেক্ৰনে ইউৰোপ আৰু বিশ্বৰ লাখ লাখ মুছলমানৰ অনুভূতিক আঘাত কৰিছে। "

লগতে পঢ়ক: শীৰ্ষ আঞ্চলিক-বিশ্বব্যাপী শক্তি ৰূপে ভাৰতক আদৰণি জনালে আমেৰিকাই

ABOUT THE AUTHOR

...view details