অসম

assam

ETV Bharat / international

পাকিস্তানৰ সংসদত ওচামা বিন লাডেনক শ্বহীদ আখ্যা !

আন্তৰাষ্ট্ৰীয় মঞ্চত সন্ত্ৰাসবাদ নিৰ্মূলৰ কথা কোৱা পাকিস্তানৰ প্ৰকৃত চৰিত্ৰ পুনৰ এবাৰ ফাদিল হ'ল । পাকিস্তানৰ সংসদত দিয়া ভাষণত পাক প্ৰধানমন্ত্ৰী ইমৰান খানে অল কায়দাৰ নেতা ওচামা বিন লাডেনক দিলে শ্বহীদ আখ্যা । ইমানেই নহয়, ভাষণ প্ৰসংগত ইমৰান খানে উল্লেখ কৰিলে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে হোৱা যুঁজখনত পাকিস্তানে আমেৰিকাৰো সহযোগ কৰিব নালাগিছিল । যি সময়ত পাকিস্তানে সন্ত্ৰাসবাদক প্ৰাধন্য দিয়াৰ লগতে নিজ দেশত সন্ত্ৰাসবাদী ৰখাৰ অভিযোগত সৰ্বত্ৰে নিন্দিত হৈ আহিছে তেনে সময়ত পাক প্ৰধান মন্ত্ৰীৰ এনে বক্তব্য লক্ষণীয় ।

By

Published : Jun 26, 2020, 1:26 AM IST

Imran Khan calls Osama bin Laden a martyr in Pakistan Parliament
পাকিস্তানত ওচামা বিন লাডেনক শ্বহীদ আখ্যা !

নিউজ ডেস্ক,২৬জুন: আন্তৰাষ্ট্ৰীয় মঞ্চত সন্ত্ৰাসবাদ নিৰ্মূলৰ কথা কোৱা পাকিস্তানৰ প্ৰকৃত চৰিত্ৰ পুনৰ এবাৰ ফাদিল হ'ল । পাকিস্তানৰ সংসদত দিয়া ভাষণত পাক প্ৰধানমন্ত্ৰী ইমৰান খানে অল কায়দাৰ নেতা ওচামা বিন লাডেনক দিলে শ্বহীদ আখ্যা । ইমানেই নহয়, ভাষণ প্ৰসংগত ইমৰান খানে উল্লেখ কৰিলে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে হোৱা যুঁজখনত পাকিস্তানে আমেৰিকাৰো সহযোগ কৰিব নালাগিছিল । যি সময়ত পাকিস্তানে সন্ত্ৰাসবাদক প্ৰাধন্য দিয়াৰ লগতে নিজ দেশত সন্ত্ৰাসবাদী ৰখাৰ অভিযোগত সৰ্বত্ৰে নিন্দিত হৈ আহিছে তেনে সময়ত পাক প্ৰধান মন্ত্ৰীৰ এনে বক্তব্য লক্ষণীয় ।

বৃহস্পতিবাৰে পাক সংসদত ইমৰান খানে আমেৰিকালৈ অভিযোগৰ আঙুলি টোৱাই কলে, আমেৰিকা সেনাই পাকিস্তানক অৱগত নকৰাকৈয়ে পাকিস্তানৰ ভিতৰত সোমাই লাডেনক হত্যা কৰিছিল । এই ঘটনাৰ পাছত সমগ্ৰ বিশ্বই পাকিস্তানকেই অপমান কৰিবলৈ আৰম্ভ কৰিলে। আমেৰিকাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ এই কালচোৱাত পাকিস্তানে ৭০ হাজাৰ লোকক হেৰুৱাব লগা হৈছিল । ইমৰান খানে লগতে কলে, এই ঘটনাৰ পাছতেই পাকিস্তানৰ বাহিৰত বসবাস কৰা পাক নাগৰিকসকল বিভিন্ন সমস্যাৰ মুখামুখি হব লগা হৈছিল ।

পাকিস্তানে লস্কৰ-এ-তৈয়বা আৰু জইছ-ই-মহম্মদৰ দৰে সংগঠনসমূহলৈ অহা অৰ্থ বিনিয়োগ নিয়ন্ত্ৰণত কৰাত সক্ষম হব পৰা নায় । এইবাবে ফাইনেঞ্চিয়েল এক্সন টাস্ক ফৰ্চে(FATF) বুধবাৰে পাকিস্তনক গ্ৰে' তালিকাতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । এনে মুহুৰ্তত পাক প্ৰধানমন্ত্ৰীৰ এনে ব্যক্তব্যত সন্ত্ৰাসবাদৰ প্ৰতি থকা পাকিস্তানৰ মনোভাৱ স্পষ্ট হৈ পৰা পুনৰ এবাৰ পৰিলক্ষিত হ'ল ।

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

ABOUT THE AUTHOR

...view details