অসম

assam

ETV Bharat / international

ৰাষ্ট্ৰসংঘৰ মজিয়াত কাশ্মীৰঃ এক অৱলোকন - unmix

অহা 27 চেপ্তেম্বৰত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক সম্বোধন ৷ কাশ্মীৰৰ বিষয়টোৱে কেন্দ্ৰীয়ভাৱে গুৰুত্ব লাভৰ সম্ভাৱনা ৷

ৰাষ্ট্ৰসংঘত ভাৰত-পাকিস্তানৰ মুখামুখি

By

Published : Sep 25, 2019, 7:30 PM IST

Updated : Sep 25, 2019, 11:07 PM IST

নিউজ ডেস্ক: ৰাষ্ট্ৰসংঘত ভাৰত-পাকিস্তানৰ মুখামুখিত উত্থাপিত হ'ব কাশ্মীৰৰ বিষয়ৰ ৷ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 27 চেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক কৰিবলগীয়া সম্বোধনত কাশ্মীৰৰ বিষয়টোৱে কেন্দ্ৰীয় স্থান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

উল্লেখ্য যে , এতিয়ালৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাশ্মীৰ সন্দৰ্ভত 23 টাকৈ প্ৰস্তাৱ গৃহীত কৰিছে ৷

ঘটনালানি এইধৰণৰ -

1948 চনৰ পৰা 1971 চনলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কাশ্মীৰ বিষয়ৰ মধ্যস্থতা আৰু সমাধানৰ বাবে 23 টাকৈ প্ৰস্তাৱ সদৰী কৰিছিল ৷

1948 চনৰ 1 জানুৱাৰীত ভাৰতে ৰাষ্ট্ৰসংঘৰ চনদৰ ষষ্ঠ অধ্যায়ৰ অধীনত পাকিস্তানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷ কাশ্মীৰত জনজাতিৰ ওপৰত হোৱা আক্ৰমণত পাকিস্তানৰ ভূমিকা থকা বুলি এই অভিযোগ দিছিল ভাৰতে ৷

প্ৰত্যাৱৰ্তনৰ চুক্তিৰ ভিত্তিত ভাৰতৰ জম্মু-কাশ্মীৰৰ দাবী ৷
ভাৰতে মহাৰাজ হৰি সিংৰ সৈতে হোৱা প্ৰত্যাৱৰ্তনৰ চুক্তিৰ ভিত্তিত ৰাজশাসিত কাশ্মীৰক নিজৰ আইনী অধিকাৰ বুলি দাবী কৰে ৷

ভাৰতে কাশ্মীৰক অধিগ্ৰহণ কৰা বুলি পাকিস্তানৰ দাবী ৷
পাকিস্তানে জনজাতিৰ আক্ৰমণকাৰীক সহায় কৰাৰ কথা অস্বীকাৰ কৰে আৰু ভাৰতৰ বিৰুদ্ধে কাশ্মীৰ অধিগ্ৰহণ কৰাৰ অভিযোগ আনে ৷

1948 চনৰ 17 জানুৱাৰী - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ 38 গৃহীত ৷ সংযমৰ আহ্বান ৷

1948 চনৰ 17 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰস্তাৱ 38 গৃহীত কৰে ৷ কাশ্মীৰৰ সংঘাতৰ সম্পৰ্কত দুয়োখন ৰাষ্ট্ৰকে সংযম ৰক্ষা কৰিবলৈ নিৰাপত্তা পৰিষদে আহ্বান জনায় ৷
দুয়োখন ৰাষ্ট্ৰই কাশ্মীৰ সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কমিছনৰ মধ্যস্থতাৰ বাবে সন্মত হয় ৷


1948 চন, 20 জানুৱাৰী - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰস্তাৱ 39 গৃহীত কৰে ৷ এই প্ৰস্তাৱমৰ্মে তিনি ৰাষ্ট্ৰৰ সদস্যৰে গঠিত ৰাষ্ট্ৰসংঘৰ কমিছনে কাশ্মীৰৰ সংঘাতক লৈ অনুসন্ধান, দুয়োখন ৰাষ্ট্ৰৰ মাজত মধ্যস্থতাৰ কাম কৰিব ৷

1948 চন, 21 এপ্ৰিল - ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ 47 গৃহীত ৷

প্ৰস্তাৱ 47 অনুসৰি ৰাষ্ট্ৰসংঘৰ কমিছনৰ সদস্য সংখ্যা 3 ৰ পৰা 5 লৈ বৃদ্ধি হয় ৷ পাকিস্তানে সেনা প্ৰত্যাহাৰ কৰে ৷ শৰণাৰ্থীৰ প্ৰত্যাৱৰ্তন ৷ ৰাজনৈতিক বন্দীৰ মুক্তি দিয়া হয়৷ ৰাষ্ট্ৰসংঘই কাশ্মীৰৰ গণভোটক পৰিদৰ্শন কৰাৰ কথা কয় ৷ ভাৰতে সীমান্তত আইন-শৃংখলা ৰক্ষাৰ বাবে সীমিত সেনাবাহিনী মোতায়েনৰ বাবে অনুমতি জনায় ৷


1949 চন -যুদ্ধবিৰতিৰ চুক্তিৰ ঘোষণা
ভাৰত আৰু পাকিস্তান, দুয়োখন দেশে যুদ্ধবিৰতিৰ চুক্তি গ্ৰহণ কৰে ৷ ৰাষ্ট্ৰসংঘক এই যুদ্ধবিৰতিক পৰিদৰ্শন কৰিবলৈ অনুমোহন জনায় ৷

1949 চনৰ 5 জানুৱাৰী - জম্মু আৰু কাশ্মীৰ গণভোটৰ তদাৰকী শাসনৰ অধীনত থাকিব লাগে বুলি ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ ৷

1949 চনৰ 5 জানুৱাৰী তাৰিখে ভাৰতে গণভোটৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব বুলি পাকিস্তানে শংকা প্ৰকাশ কৰাৰ বাবে ৰাষ্ট্ৰসংঘই জম্মু আৰু কাশ্মীৰক গণভোট প্ৰশাসকৰ নিয়ন্ত্ৰণত ৰখা উচিত বুলি প্ৰস্তাৱ দিয়ে ৷

1949 চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতি ম্যাকনটনে সামৰিক যুদ্ধ প্ৰত্যাহাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাৰ চেষ্টা কৰে যদিও বিফল হয় ৷


1950 চন - ভাৰত আৰু পাকিস্তানৰ বিবাদ নিষ্পত্তিৰ বাবে গঠিত হোৱা UNCIPক ৰাষ্ট্ৰসংঘৰ একক প্ৰতিনিধি ওৱেন ডিক্সনে স্থলাভিষিক্ত কৰে ৷ যিয়ে তাৰ কেইদিনমান পাচতেই ভাৰত-পাকিস্তানৰ বিবাদৰ সমাধানৰ আশা নাই বুলি ঘোষণা কৰে ৷

ওৱেন ডিক্সনে কাশ্মীৰৰ অঞ্চলে অঞ্চলে গণভোট অন্যথা কাশ্মীৰ উপত্যকাৰ সন্দেহজনক এলেকাত গণভোটৰ বাবে আহ্বান জনায় ৷ ভাৰত আৰু পাকিস্তানে ডিক্সনৰ প্ৰস্তাৱৰ সৈতে একমত হ'ব নোৱাৰিলে ৷ পৰৱৰ্তীকালত ফ্ৰেংক গ্ৰাহাম আৰু গানাৰ জাৰিঙৰ প্ৰচেষ্টাও অসফল হয় ৷

1951 চনৰ মাৰ্চত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিক পৰ্যবেক্ষণ কৰিবৱৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা UNMOGIP অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ সামৰিক গতিবিধি পৰ্যবেক্ষক দল গঠন কৰে ৷ ই ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ সীমা পৰ্যবেক্ষণ কৰে ৷ এতিয়া যাক লাইন অৱ কন্ট্ৰল বুলি কোৱা হয় ৷

কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ সুদীৰ্ঘ বিবাদ


ইয়াৰ পাচতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গণভোটৰ জৰিয়তে পূৰ্বৱৰ্তী চৰ্তসমূহখিনি ৰাখি ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদক চূড়ান্ত নিষ্পত্তিৰ বাবে আন এক প্ৰস্তাৱ গৃহীত কৰে ৷


1965 চনৰ ভাৰত- পাকিস্তান যুদ্ধৰ পাচৰ পৰা ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ কমি আহে ৷

ষাঠিৰ দশকত পাকিস্তানে কাশ্মীৰৰ বিষয়টোক উত্থাপন কৰিয়ে থাকে যদিও ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ কমি আহে ৷

1965 চনৰ 29 চেপ্টেম্বৰত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ তীব্ৰ হেঁচাত ৰাষ্ট্ৰসংঘৰ উপস্থিতিত যুদ্ধবিৰতি চুক্তিত মান্তি হয় ৷


তাশখান্দ শান্তি চুক্তিৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰসংঘই এই বিবাদৰ পৰা আঁতৰি যায় ৷

শেষৰটো কাশ্মীৰ সম্পৰ্কিত সিদ্ধান্ত বা প্ৰস্তাৱটো 1971 চনৰ বাংলাদেশ যুদ্ধৰ পাচত লোৱা হয় আৰু ই গৈ ছিমলা চুক্তিত সামৰণি পৰে ৷

ছিমলা চুক্তিৰ পৰৱৰ্তীকালত ভাৰতে কাশ্মীৰ বিষয়টোক দ্বিপাক্ষিক বুলি অভিহিত কৰে ৷


তেতিয়াৰ পৰাই ভাৰতে ছিমলা চুক্তিৰ পৰাই ৰাষ্ট্ৰসংঘৰ সকলো প্ৰস্তাৱ সমাপ্ত হোৱা বুলি কৈ কাশ্মীৰ সমস্যাক কেৱল দ্বি-পাক্ষিক বুলি কয়, আনহাতে পাকিস্তানে এই চুক্তিৰ পাচতো ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ প্ৰয়োজন বুলি দাবী কৰি আহিছে ৷

গতিকেই অহা 27 চেপ্টম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত হ'বলগীয়া ভাৰত আৰু পাকিস্তানৰ এই সাক্ষাৎ অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে ৷

Last Updated : Sep 25, 2019, 11:07 PM IST

For All Latest Updates

TAGGED:

UNGAunmixnew

ABOUT THE AUTHOR

...view details