প্ৰথমজন এইচ আই ভি সংক্ৰমিত পৰ্বতাৰোহী নেপালৰ গোপাল শ্ৰেষ্ঠ - পৰ্বতাৰোহী
নেপালৰ পোখৰাৰ 56 বছৰীয়া গোপাল শ্ৰেষ্ঠই এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমজন এইচ আই ভি সংক্ৰমিত পৰ্বতাৰোহী হোৱাৰ গৌৰৱ অৰ্জন কৰে ৷ এইচ আই ভি সংক্ৰমিত গোপাল নেপালৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ এজন প্ৰাক্তন খেলুৱৈ ৷
নিউজডেস্ক,24মে': এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমজন এইচ আই ভি সংক্ৰমিত পৰ্বতাৰোহী হোৱাৰ গৌৰৱ অৰ্জন নেপালৰ গোপাল শ্ৰেষ্ঠৰ ৷ নেপালৰ পোখৰাৰ 56 বছৰীয়া গোপাল শ্ৰেষ্ঠই ইয়াৰ পূৰ্বে 2015 চনটো প্ৰথমবাৰৰ বাবে এভাৰেষ্ট আৰোহণৰ বাবে প্ৰস্তুতি চলাইছিল যদিও সেইসময়ত দেশখনত হোৱা ভূমিকম্পৰ বাবে সফল হ'ব নোৱাৰিলে ৷ উল্লেখ্য যে এইচ আই ভি সংক্ৰমিত গোপাল নেপালৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ এজন প্ৰাক্তন খেলুৱৈ ৷ শ্ৰেষ্ঠই 2013 চনত ঠৰংগ লা পাছ (5410 মি) সফলতাৰে আৰোহণ কৰাৰ পাচত 2014 ত আইলেণ্ড শৃংগ (6189 মি) আৰু 2016 ত ভাৰ্জিন শৃংগ (6646 মি) আৰোহণ কৰে ৷