নেশ্যনেল ডেস্ক, 28 অক্টোবৰ: বুধবাৰে মাৰ্কিন হাউচ পেনেলৰ শুনানিৰ পূৰ্বে টুইটাৰ আৰু ফেচবুকৰ চিইঅ'ই প্ৰস্তুত মন্তব্য জাৰি কৰে ৷ মাৰ্ক জুকাৰবাৰ্গে এক মৈত্ৰীসূচক মন্তব্য প্ৰদান কৰাৰ পৰিৱৰ্তে জাক ডৰ্চে কমিউনিকেচনচ ডিচেন্সি আইনৰ ধাৰা 230 ৰ পুনৰাবৃত্তিৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহন কৰা পৰিলক্ষিত হয় ৷ চিনেট বাণিজ্য সমিতিৰ সন্মুখত উপস্থিত হৈ ডৰ্চে কয় যে ধাৰা 230 ক্ষেত্ৰত হোৱা সালসলনিয়ে ইন্টাৰনেটৰ যোগসূত্ৰ নিঃশেষ কৰিব পাৰে ৷
তেওঁ কয় যে, "ধাৰা 230 ৰ ভিত্তি খহি পৰিলে আমি ইন্টাৰনেটত যোগসূত্ৰ স্থাপন কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে নিঃশেষ হৈ পৰিব আৰু শক্তিশালী ভাৱে প্ৰতিষ্ঠিত খুউব কম সংখ্যক প্ৰতিষ্ঠানহে ৰৈ যাব ৷" ডৰ্চিয়ে লগতে কয় যে, "সকলোৱে যাতে ৰাজহুৱা বাৰ্তালাপত সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে আমি আমাৰ সেৱা উন্নত কৰিব লাগিব ৷ আমি এই কথা সুনিশ্চিত কৰিব লাগিব যাতে আমি প্ৰত্যেকৰেই মাত শুনিব পাৰো ৷ ধাৰা 230 এ প্ৰদান কৰা সুৰক্ষাৰ জড়িয়তে এই উদ্দেশ্য সমূহত উপনীত হোৱাত সহায়ক হৈছে ৷"
এই শুনানিয়ে মিডিয়াৰ প্ৰভুত্ব আৰু গোপনীয়তাৰ বিষয়সমূহো সামৰি ল'ব ৷