অসম

assam

বিশ্বৰ ভিন্ন দেশত কৰ'ণা সংক্ৰমণৰ শেহতীয়া তথ্য

By

Published : Jul 29, 2020, 5:12 PM IST

বিশ্বৰ ভিন্ন দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

কৰ'ণা সংক্ৰমণৰ শেহতীয়া তথ্য
কৰ'ণা সংক্ৰমণৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 29 জুলাই:সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণে অতিক্ৰম কৰিলে মুঠ 1,68,83,647 গৰাকী লোকলৈ ৷ 29 জুলাইৰ দিনটোত বিশ্বজুৰি 2,53,997 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ ইয়াৰ বিপৰীতে বিশ্বজুৰি 6,62,473 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ৷

বিশ্বৰ ভিন্ন দেশত কৰ'ণা সংক্ৰমণৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ বৰ্ধিত সংক্ৰণ অব্যাহত আছে বিশ্বৰ ভিন্ন প্ৰান্তত ৷ বিশ্ব ভিন্ন দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 29 জুলাইলৈ 44,98,202 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয়তে সৰ্বাধিক আক্ৰান্ত হৈছে ব্ৰাজিল আৰু ভাৰত ৷ ব্ৰাজিলত বুধবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যাই 24 লক্ষাধিক অতিক্ৰম কৰাৰ লগতে ভাৰতত অতিক্ৰম কৰিলে 15 লক্ষাধিক ৷ সমান্তৰালকৈ ৰাছিয়া, দক্ষিণ আফ্ৰিকা, মেক্সিকো, পেৰু আদি দেশতো অব্যাহত আছে কৰ'ণাৰ ব্যাপক সংক্ৰমণ ৷

লগতে পঢ়ক:ৰাফেল যুঁজাৰু বিমানৰ পাইলটৰ দায়িত্বত কৰ্ণাটকৰ উইংগ কামাণ্ডাৰ

ABOUT THE AUTHOR

...view details