অসম

assam

ETV Bharat / international

মংগলৰ কক্ষপথত প্ৰৱেশ চীনৰ মহাকাশ যানৰ - চীনৰ 'টিয়ানভেন-১' মহাকাশযান

চীনৰ 'টিয়ানভেন-১' মহাকাশ যানখনৰ সফলতাৰে মংগলৰ কক্ষপথত প্ৰৱেশ । মংগলবাৰে ইউনাইটেড আৰব এমিৰেটছ চমুকৈ ইউ এ ই মহাকাশ যানে মংগলৰ কক্ষপথত প্ৰৱেশ কৰিছিল ।

মংগলৰ কক্ষপথত প্ৰৱেশ চীনৰ মহাকাশ যানৰ
মংগলৰ কক্ষপথত প্ৰৱেশ চীনৰ মহাকাশ যানৰ

By

Published : Feb 11, 2021, 9:01 PM IST

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী: চীনৰ 'টিয়ানভেন-১' মহাকাশযানে সফলতাৰে মংগলৰ কক্ষপথত প্ৰৱেশ কৰিছে । এয়া দ্বিতীয়বাৰৰ বাবে দুদিনত অৰ্বিটাৰে ৰঙা গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰে । ইতিপূৰ্বে,মংগলবাৰে ইউনাইটেড আৰব এমিৰেটছ চমুকৈ ইউ এ ই মহাকাশযানখনে মংগলৰ কক্ষপথত প্ৰৱেশ কৰিছিল । চীনৰ সময় অনুসৰি, বুধবাৰে সন্ধিয়া মংগলৰ কক্ষপথত অৰ্বিটাৰে প্ৰৱেশ কৰিছিল । আগন্তুক সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰই মংগল গ্ৰহৰ পৃষ্ঠত ইয়াৰ ৰোভাৰ 'পাৰচভিৰেনছ' অৱতৰণ কৰাৰ চেষ্টা চলাব ।

একমাত্ৰ আমেৰিকাই আঠবাৰকৈ সংগল গ্ৰহত সফলতাৰে মংগলৰ কক্ষপথত প্ৰৱেশ কৰিছিল । চলিত সপ্তাহত চীনা মহাকাশযান আৰু ইউ এ ইৰ অৰ্বিটাৰৰ প্ৰৱেশৰ পূৰ্বে আন ছয়খন মহাকাশযান ইতিমধ্যে মংগল গ্ৰহৰ চাৰিও প্ৰদক্ষিণ কৰিছিল । ইনচাইট আৰু কিউৰিঅচিটি নাছাৰ এই দুটা লেণ্ডাৰে সঞ্চালিত হৈ আছে । ইফালে ২০১১ চনত চীনে মংগলৰ কক্ষপথত প্ৰৱেশৰ বাবে ৰাচিয়াৰ সহযোগত কৰা চেষ্টাত সম্পূৰ্ণৰূপে বিফল হৈছিল ।

লগতে পঢ়ক:জ' বাইডেন আৰু ঝি জিনপিঙৰ হংকং, জিনজিয়াঙৰ প্ৰসংগকলৈ বাৰ্তালাপ

ABOUT THE AUTHOR

...view details