ইন্টাৰনেশ্যনেল ডেস্ক,5 জুন:প্ৰায় 100 দিনৰ অন্তত বাংলাদেশৰ উপকূলীয় অঞ্চল ‘কোক্স বাজাৰ’ৰ পৰা 81 গৰাকী ৰোহিংগীয়া শৰণাৰ্থী ইণ্ডোনেছিয়াৰ ‘আচেহ’ত উপস্থিত হয় ৷ বাংলাদেশৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ এসপ্তাহ পিছত বিগত 18 ফেব্ৰুৱাৰীত তেওঁলোকে ভ্ৰমণ কৰা নাওখনৰ যান্ত্ৰিক বিজুতি ঘটাত তেওঁলোকে আন্দামানৰ দ্বীপত আৱদ্ধ হৈ পৰিছিল ৷
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তেওঁলোকক খাদ্য, খোৱা পানীৰ লগতে স্বাস্থ্য সেৱাৰ যোগান ধৰিছিল ৷ ইয়াৰ উপৰিও তেওঁলোকে নাওখন মেৰামতি কৰাৰ ব্যৱস্থা কৰে যদিও নাওখনক পুনৰ সাগৰলৈ যোৱাৰ অনুমতি প্ৰদান নকৰে ৷ ভাৰতে এই শৰণাৰ্থীসকলক ওভতাই নিয়াৰ ক্ষেত্ৰত বাংলাদেশৰ সৈতে বুজাবুজি কৰিছিল যদিও বাংলাদেশে তেওঁলোকক ওভতাই নিবলৈ অস্বীকাৰ কৰে ৷ ইয়াৰ পিছতেই আন্দামান প্ৰশাসনে নাও মেৰামতিৰ বাবে অনুমতি প্ৰদান কৰে আৰু এই শৰণাৰ্থীসকলক চোৱাচিতা কৰে ৷
30 মে’ত নাওখন সম্পূৰ্ণৰূপে যাত্ৰাৰ বাবে প্ৰস্তুত হৈ উঠে আৰু সন্ধিয়াৰ ভাগত পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ শুকুৰবাৰে এই 81 গৰাকী ৰোহিংগীয়া শৰণাৰ্থীৰ সৈতে নাওখন আচেহত আহি উপস্থিত হয় ৷ নাৱৰ মালিকে যাত্ৰীসকল সুস্থ শৰীৰে ইণ্ডোনেছিয়াত উপস্থিত হোৱা বুলি তেওঁলোকৰ পৰিয়ালবৰ্গক অৱগত কৰে ৷