অসম

assam

By

Published : Dec 17, 2020, 1:14 PM IST

ETV Bharat / international

জ' বাইদেনক ৰাজহুৱাভাৱে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক

সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনক ৰাজহুৱাভাৱে ক'ভিড-19 ৰ প্ৰতিষেধক প্ৰদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ বাইডেনে জানিবলৈ দিছে যে তেওঁৰ দলে এইক্ষেত্ৰত চিন্তা চৰ্চা চলাই আছে ৷ বাইডেনক কৰা টীকাকৰণৰ পাছত এই প্ৰতিষেধক যে সুৰক্ষিত সেই সম্পৰ্কে আমেৰিকাবাসীয়ে এক ধাৰণা পাব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে আশা প্ৰকাশ কৰে ৷

Joe Biden public vaccination
জ' বাইদেনক ৰাজহুৱাভাৱে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক

নেচনেল ডেস্ক, 17 ডিচেম্বৰ:খুউব কম দিনৰ ভিতৰতে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনক ৰাজহুৱা ভাৱে ক'ভিড-19 ৰ টীকা প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে জানিবলৈ দিয়ে যে, তেওঁৰ দলে তেওঁক ৰাজহুৱাভাৱে ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে চিন্তা চৰ্চা চলাই আছে ৷ বাইডেনে প্ৰতিষেধক গ্ৰহণ কৰা যাতে সকলোৱে প্ৰত্যক্ষ কৰিব পাৰে আৰু সকলোৰে মনত যাতে এই প্ৰতিষেধক সম্পূৰ্ণ সুৰক্ষিত বুলি বিশ্বাস জন্মে সেই উদ্দেশ্যে এই চিন্তা চৰ্চা কৰা হৈছে বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷

কেতিয়ালৈ তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত বাইডেনে কয় যে তেওঁৰ দলে এইক্ষেত্ৰত চিন্তা চৰ্চা কৰিছে ৷ তেওঁ কয় যে আমেৰিকাবাসীয়ে যাতে এই প্ৰতিষেধক সুৰক্ষিত বুলি ভাবিব পাৰে সেই কথা তেওঁ নিশ্চিত কৰিব খুজিছে ৷

বাইডেনে কয় যে "তেওঁলোকে এই পৰিকল্পনাত বৰ্তমান কাম কৰি আছে ৷ যেতিয়া মই এই কাম কৰিম, সেইয়া ৰাজহুৱাকৈ কৰিম, যাতে আপোনালোক সকলোৱে মই এই প্ৰতিষেধক গ্ৰহণ কৰা প্ৰত্যক্ষ কৰিব পাৰে ৷" মঙলবাৰে বাইডেনে ঘোষণা কৰিছিল যে তেওঁ ৰাজহুৱা ভাৱে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে তেওঁক ড৹ এন্থনী ফৌচিয়ে পৰামৰ্শ প্ৰদান কৰিছে ৷

লগতে পঢ়ক:ক’ভিড-19ৰ ভেকচিন সন্দৰ্ভত প্ৰচাৰ হোৱা ভুৱা তথ্য আঁতৰাব টুইটাৰে

ABOUT THE AUTHOR

...view details