নেপাল, 12 জুন: নেপালৰ পশ্চিমীয়া জিলা দাৰচুলাত শোকাৱহ ঘটনা ৷ মঙলবাৰে এখন স্কুলৰ শৌচাগাৰৰ টেংকীত পৰি মৃত্যু হয় চাৰিটিকৈ শিশুৰ ৷ অন্য ল’ৰা ছোৱালীৰ সৈতে টেংকীটোৰ ওপৰত খেলি থকা অৱস্থাতে টেংকীটোৰ ওপৰ অংশ ভাগি পৰাত সংঘটিত হয় এই ঘটনা ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়ৰ পাঠদান স্থগিত কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ এই কথা প্ৰকাশ কৰে চিপটি আৰক্ষী আউটপ’ষ্টৰ বিষয়া দেৱদত্ত ভট্টই ৷
বিদ্যালয়ৰ শৌচাগাৰৰ টেংকীত পৰি মৃত্যু 4গৰাকী শিশুৰ - 4 children die falling into school's septic tank
শৌচাগাৰৰ পুৰণি টেংকীটোৰ ওপৰত খেলি থাকোতে টেংকীটো খহি পৰাত সংঘটিত হয় এই ঘটনা ৷
etv bharat
তেওঁ লগতে কয় যে, টেংকীটো পুৰণি হৈ পৰাৰ বাবে শিশুকেইটাৰ ভাৰ সহ্য কৰিব নোৱাৰি এইদৰে খহি পৰে ৷ এইদৰে শোকাৱহ ভাৱে মৃত্যুক আকোঁৱালি লোৱা শিশুকেইটা হৈছে, নিৰুটা থাগুন্না, অনুস্কা ধামী, সুদীস ধামী আৰু য়ুনীকা থাগুন্না ৷ নিহত হোৱা শিশুকেইটাৰ বয়স পাঁচৰ পৰা দহ বছৰ আছিল ৷
Last Updated : Jun 12, 2019, 7:19 AM IST