অসম

assam

ETV Bharat / international

পাকিস্তানত আত্মঘাতী বিস্ফোৰণ : 3জন নিহত, আহত 20জন - আত্মঘাতি বিস্ফোৰণ

পাকিস্তানৰ কোৱেটা চহৰ(Pakistan's Quetta city)ত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ ৷ আত্মঘাতী বোমাৰু(Suicide Bomber)ৰ আক্ৰমণে প্ৰাণ কাঢ়িলে তিনিজনকৈ লোকৰ ৷ আক্ৰমণৰ ফলত 20 জন নিহত ৷ বিস্ফোৰক ভৰ্তি মটৰচাইকেলেৰে বোমাৰুৱে Frontier Corps (FC)ৰ কনভয়ৰ এখন বাহনত খুন্দা মাৰি এই আক্ৰমণ সংঘটিত কৰে ৷

3 people dead, 20 injured in Quetta suicide blast
পাকিস্তানত আত্মঘাতি বিস্ফোৰণ

By

Published : Sep 5, 2021, 4:48 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক , 5 ছেপ্তেম্বৰ : পাকিস্তানত আত্মঘাতী বোমাৰু(Suicide Bomber)ৰ আক্ৰমণে তিনিজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 20 জন লোক আক্ৰমণত আহত হৈছে ৷ উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া মতে, পাকিস্তানৰ কোৱেটা চহৰ(Pakistan's Quetta city)ত এই আত্মঘাতী বিস্ফোৰণ(suicide bombing) সংঘটিত হয় ৷ Edhi Foundation Quettaৰ উদ্ধাৰ বিভাগৰ মহম্মদ জিশানে জানিবলৈ দিয়ে মতে পুৱা প্ৰায় 7:30 ত এই ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক :পুনৰ বিস্ফোৰণত কঁপি উঠিল কাবুল

আত্মঘাতী বোমাৰুজনে তেওঁৰ বিস্ফোৰক ভৰ্তি মটৰচাইকেলখনৰ সৈতে চহৰৰ উপকণ্ঠত থকা Frontier Corps (FC)ৰ কনভয়ৰ এখন বাহনত খুন্দা মাৰি আক্ৰমণটো সংঘটিত কৰে বুলি জানিব পৰা গৈছে ৷ চহৰখনৰ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চহৰখনৰ হাজাৰা সম্প্ৰদায়ৰ সংখ্যালঘু গোট(minority ethnic group of Hazara community)ৰ নিৰাপত্তাৰ বাবে Frontier Corpsক দায়িত্ব প্ৰদান কৰা হৈছিল ৷ দায়িত্ব পালন কৰি নিয়মীয়া টহল(routine patrolling)ত থকাৰ সময়তে Frontier Corpsৰ কনভয় আক্ৰমণৰ সন্মুখীন হৈছিল ৷

লগতে পঢ়ক :9/11 ট্ৰেজেডীৰ 20 তম বাৰ্ষিকী উদযাপনৰ বাবে সাজু জ' বাইডেন

Frontier Corps আৰু পথচাৰীসহ আহত লোকসকলক ওচৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে কেইবাজনো লোকৰ অৱস্থা অতি সংকটজনক বুলি উদ্ধাৰকাৰী বিষয়াই অৱগত কৰিছে ৷

আক্ৰমণটোত প্ৰায় 5 ৰ পৰা 6 কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল বুলি অনুসন্ধানৰ পাচত বোমা নিস্ক্ৰিয়কাৰী দলে সদৰী কৰিছে ৷ অৱশ্যে এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ অধিক তদন্তৰ বাবে সম্প্ৰতি অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে ৷

লগতে পঢ়ক :পঞ্জশিৰত ৰেজিষ্টেন্স ফ’ৰ্চৰ আক্ৰমণত নিহত 600 তালিবানী

ABOUT THE AUTHOR

...view details