ইন্টাৰনেশ্যনেল ডেস্ক, 23 জানুৱাৰী :আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বুধবাৰে অভিযোগ উত্থাপন কৰি কয় যে, বিশ্ব বাণিজ্য সংস্থায়ে (WTO) তেওঁৰ ৰাষ্ট্ৰক 'যথোচিত ব্যৱহাৰ' নকৰিলে ৷ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে চীন আৰু ভাৰতক উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে গণ্য কৰিলেও আমেৰিকাক নকৰিলে বুলি অভিযোগ কৰে ট্ৰাম্পে ৷
সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে কয়, "মই যিমান জানো, আমিও এখন উন্নয়নশীল দেশ ৷ তেওঁলোকক উন্নয়নশীল বুলি গণ্য কৰা হ'ল কিন্তু আমাক নহ'ল ৷ তেওঁলোকো হ'ব নালাগিছিল ৷ আৰু যদি তেওঁলোক হয় তেন্তে আমিও হয় ৷ এই সম্পৰ্কত আমি সম্পূৰ্ণ নতুনকৈ চিন্তা কৰিছো আৰু আমি কোনো উপায় বিচাৰি উলিয়াব লাগিব ৷"