ইন্টাৰনেশ্যনেল ডেস্ক, 4 জুন : COVID-19 ৰ ঔষধ হিচাপে হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ক্লিনিকেল পৰীক্ষণ বন্ধ কৰাৰ পাচত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) প্ৰবন্ধ সঞ্চালকে মন্তব্য কৰে যে, গৱেষক সকলে ইয়াৰ পৰীক্ষণৰ পৰ্যালোচনা কৰিছে আৰু নিৰ্ধাৰিত ধৰণেই এই পৰীক্ষণ অব্যাহত ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে ৷
এই সিদ্ধান্ত গ্ৰহণৰ পাচতে চিকিৎসক সকলে ৰোগীক এই ঔষধ প্ৰদান কৰিব পাৰিব ৷ WHO ৰ প্ৰবন্ধ সঞ্চালক তেড্ৰছ আধানম ঘেব্ৰেইছাচে বুধবাৰে জানিবলৈ দিয়ে যে, WHO ৰ সুৰক্ষা তত্বাৱধায়ক সমিতিৰ দলে সমগ্ৰ বিশ্বতে COVID-19 ৰ চিকিৎসাৰ বাবে হাইড্ৰ'ক্সিক্ল'ৰ'কুইন সম্পৰ্কত নিৰীক্ষণ কৰে ৷
উল্লেখ্য যে, কিছু অধ্যয়নে এই পৰামৰ্শ প্ৰদান কৰিছিল যে, COVID-19 চিকিৎসাৰ বাবে ঔষধ হিচাপে হাইড্ৰ'ক্সিক্ল'ৰ'কুইন ব্যৱহাৰ কৰা সকলৰ মৃত্যুৰ আশংকা অধিক থাকে ৷