নিউজ ডেস্ক, 17 মাৰ্চ:সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে Covid-19 মহামাৰীয়ে ৷ শেহতীয়াকৈ 24 ঘণ্টাত পোহৰলৈ আহিছে 14,000 হাজাৰ কোভিড-19 ৰ নতুন সংক্ৰমণৰ ঘটনা ৷ বৰ্তমানলৈকে বিশ্বত ইয়াৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 1,83,109 ৷ ইয়াৰে 7,175 গৰাকী মৃত্যু হোৱাৰ বিপৰীতে 79,897 গৰাকী লোক আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
আনহাতে ভাৰতত বৰ্তমানলৈকে এই ভাইৰাছত আক্ৰান্ত হৈছে 126 গৰাকী লোক ৷ ইয়াৰ 22 গৰাকী লোক হৈছে বিদেশী মূলৰ ৷ আনহাতে 3 গৰাকী লোকৰ মৃত্যু হৈছে ৷ প্ৰথমগৰাকী কৰ্ণাটকত আৰু দ্বিতীয়গৰাকীত দিল্লীত হোৱাৰ বিপৰীতে মঙলবাৰে পুনৰ এজন লোকৰ মৃত্যু হয় মহাৰাষ্ট্ৰত ৷ আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে মহাৰাষ্ট্ৰক ৷ বৰ্তমানলৈকে ৰাজ্যখনৰ 36 জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক বীজাণুৰ অৱস্থিতি ৷ ইয়াৰ পাচতেই আছে কেৰালাৰ স্থান ৷ য’ত 22 টা ঘটনা পোহৰলৈ আহিছে ৷