অসম

assam

By

Published : May 16, 2020, 1:43 PM IST

ETV Bharat / international

ভাৰতক ভেন্টিলেটৰ দান কৰিব আমেৰিকাই

ট্ৰাম্পে টুইটত লিখে , "মই ঘোষণা কৰিব পাই গৌৰবান্বিত যে, আমেৰিকাই ভাৰতক ভেন্টিলেটৰ দান কৰিব ।" অৱশ্যে কিমানটা গোট ভাৰতক দান কৰিব তাকে লৈ কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই ।

ভাৰতক ভেন্টেলেটৰ দান কৰিব আমেৰিকাই
ভাৰতক ভেন্টেলেটৰ দান কৰিব আমেৰিকাই

নিউজ ডেস্ক,16 মে': ক্ৰমাত অধিক গাঢ় হৈ পৰিছে ভাৰত- আমেৰিকাৰ সম্পৰ্ক । এই কথা প্ৰমাণিত কৰি আমেৰিকাৰ ৰষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই । তেওঁ এই ঘোষণাত ভাৰতক ভেন্টিলেটৰ দান কৰাৰ কথা কয় । তেওঁ দুয়োখন দেশৰে সম্পৰ্ক খুব ভাল বুলি কোৱাৰ লগতে, মোডী তেওঁৰ খুবেই ভাল বন্ধু বুলি উল্লেখ কৰে ।

ভাৰতে কৰ'ণা ভাইৰাছ আক্ৰান্তৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰে আৰু 85000ৰ সীমা অতিক্ৰম কৰে ।

এই সময়ত ভাৰতক সহায় কৰিব পায় ট্ৰাম্পে টুইটত লিখে যে, "মই ঘোষণা কৰিব পাই গৌৰবান্বিত যে, আমেৰিকাই ভাৰতক ভেন্টিলেটৰ দান কৰিব ।" অৱশ্যে কিমানটা গোট ভাৰতক দান কৰিব তাকে লৈ কোনো তথ্য হোৱাইট হাউচৰ পৰা প্ৰকাশ কৰা হোৱা নাই ।

উল্লেখ্য যে, যোৱা মাহত ট্ৰাম্পে ভাৰতক হাইড্ৰক্সিক্লৰ'কুইন টেবলেট ৰপ্তানিৰ বাবে আহ্বান কৰিছিল । সেই সময়ত আমেৰিকা COVID-19 ৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল । সেই অনুসৰি ভাৰতে আমেৰিকালৈ 50 মিলিয়ন হাইড্ৰক্সিক্লৰ'কুইন টেবলেট প্ৰেৰণ কৰি আমেৰিকাক সকাহ দিছিল । উল্লেখ্য যে, সেই সময়ত ভাৰতে কোনো দেশকে হাইড্ৰক্সিক্লৰ'কুইন ৰপ্তানি নকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আমেৰিকাৰ শোচনীয় অৱস্থাৰ বাবে ট্ৰাম্পৰ অনুৰোধ ৰক্ষা কৰি সিদ্ধান্ত সলনি কৰিছিল ।

ইয়াৰ লগতে শুকুৰবাৰে ট্ৰেম্পে কয় যে, ভাৰতৰ সৈতে সহযোগীতাৰে প্ৰতিষেধক প্ৰস্তুতত ব্যস্ত হৈ আছে বুলিও উল্লেখ কৰে । তেওঁ সাংবাদিকৰ আগত কয়, "আমি একেলগে অদৃশ্য শত্ৰুক পৰস্ত কৰিম! আমি মহামাৰীৰ সময়ত ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে থিয় হৈ আছো ।"

এই বৰ্ষৰ শেষলৈকে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক উপলদ্ধ হোৱাৰ সম্ভাৱণা আছে বুলি তেওঁ উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details