অসম

assam

ETV Bharat / international

কৰ'ণা ভাইৰাছ য়ুহানত উৎপত্তি হোৱাৰ প্ৰমাণ প্ৰদান কৰা নাই আমেৰিকাই : WHO - চীনৰ য়ুহান চহৰৰ এক গৱেষণাগাৰ

কৰ'ণা ভাইৰাছৰ উৎপত্তি চীনৰ য়ুহানত হোৱাৰ তথ্য আৰু প্ৰমাণ প্ৰদান কৰা নাই আমেৰিকাই ৷ এই মন্তব্য WHO ৰ আপতকালিন মুৰব্বী মাইকেল ৰিয়ানৰ ৷

উৎপত্তি সম্পৰ্কত WHO ৰ মন্তব্য
কৰ'ণা ভাইৰাছ

By

Published : May 5, 2020, 5:41 PM IST

ইন্টাৰনেশ্য়নেল ডেস্ক, 5 মে' : সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ আপতকালিন মুৰব্বীয়ে কয় যে, কৰ'ণা ভাইৰাছৰ উৎপত্তি চীনৰ য়ুহান চহৰৰ এক গৱেষণাগাৰৰ পৰা হোৱাৰ কোনো প্ৰমাণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু সচিব মাইক পম্পিঅ'ই দিব পৰা নাই ৷

জেনেভাত ডঃ মাইকেল ৰিয়ানে সাংবাদিকক কয়, "আমাৰ দৃষ্টিভংগীত এয়া কাল্পনিক ৷ ভাইৰাছবিধ য়ুহানত উৎপত্তি হোৱাৰ কোনো প্ৰমাণ আমেৰিকা চৰকাৰে প্ৰদান কৰিব পৰা নাই ৷ আমেৰিকাৰ হাতত এনে তথ্য থাকিলে WHO য়ে গ্ৰহণ কৰিবলৈ সাজু আছে ৷"

মহামাৰী ৰোধ কৰাৰ ক্ষেত্ৰত চীন আৰু ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাটোৱে ব্যাপক খেলিমেলিৰ সৃষ্টি কৰা বুলি ট্ৰাম্প প্ৰশাসনে মন্তব্য কৰাৰ পাচতে ৰিয়ানে এনেদৰে মন্তব্য কৰে ৷ উল্লেখ্য যে, বৰ্তমানলৈকে মিলিয়ন লোকক আক্ৰান্ত কৰা এই ভাইৰাছে প্ৰায় 2,39,000 লোকৰ প্ৰাণ কাঢ়ি নিছে ৷

শুকুৰবাৰে ট্ৰাম্পে কৈছিল, "WHO চীনৰ জনসম্পৰ্কৰক্ষী সংস্থাৰ দৰে ৷"

আমেৰিকাৰ দাবীক নস্যাৎ কৰি ৰিয়ানে কয় যে, পম্পিঅ' আৰু ট্ৰাম্পে য়ুহানৰ পৰা এই নৱেল কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱা বুলি দাবী কৰিলেও প্ৰকৃততে এয়া প্ৰাকৃতিকভাৱে উৎপত্তি হোৱা ৰোগ ৷"

তেওঁ কয়, "যদি কোনো তথ্য আৰু প্ৰমাণ আছে তেন্তে আমেৰিকা প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰক এয়া কেতিয়া আৰু কেনেকৈ আমাৰ সৈতে শ্বেয়াৰ কৰা উচিত ৷ এই সম্পৰ্কত কোনো তথ্য নথকাকৈ দাবী কৰিলে এয়া WHO ৰ বাবে জটিল হ'ব ৷"

ৰিয়ানে কয়, "আমি চীনৰ বিজ্ঞানীৰ পৰা শিক্ষা লোৱা উচিত ৷ ইজনে সিজনৰ পৰা শিকা উচিত ৷ আমি জ্ঞানৰ বিনিময় কৰিব পাৰো আৰু সমন্বিতভাৱে উত্তৰ বিচাৰিব পাৰো ৷ ইয়াক বেয়া কৰ্মৰ আক্ৰমণাত্মক তদন্তৰ ৰূপ দিলে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো বহু কষ্টকৰ হ'ব ৷ এয়া ৰাজনৈতিক বিষয়, বৈজ্ঞানিক নহয় ৷ বিজ্ঞানে উত্তৰ বিচাৰি উলিয়াব ৷"

ABOUT THE AUTHOR

...view details