অসম

assam

ETV Bharat / international

স্বত্ত্ব নোহোৱাকৈয়ে সংগীত ব্যৱহাৰ কৰি ৰোষত পৰিল ড’নাল্ড ট্ৰাম্প

হলিউডৰ ছবি ‘ড্য ডাৰ্ক নাইট ৰাইজেচ’ৰ শীৰ্ষ সংগীত স্বত্ত্ব নোহোৱাকৈয়ে ব্যৱহাৰ কৰি বিতৰ্কত সোমাল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ টুইটযোগে ভিডিঅ’টো প্ৰচাৰ হোৱাৰ লগে লগেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় টুইটাৰ ব্যৱহাৰকাৰীৰ মাজত ৷

ড’নাল্ড ট্ৰাম্প

By

Published : Apr 10, 2019, 5:55 PM IST

ৱাশ্বিংটন, 10 এপ্ৰিলঃ অনুমতি অবিহনেই সংগীত ব্যৱহাৰ কৰাৰ অভিযোগত এইবাৰ অভিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ হলিউডৰ ছবি ‘ড্য ডাৰ্ক নাইট ৰাইজেচ’ৰ শীৰ্ষ সংগীতটো অনুমতি অবিহনেই নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ যাৰ বাবে চিত্ৰ নিৰ্মাতা ৱাৰ্নাৰ ব্ৰ’চে ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

উল্লেখ্য যে, ট্ৰাম্পে মঙলবাৰে টুইটাৰযোগে মুকলি কৰিছিল 2020ত হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ ভিডিঅ’টো ৷ উক্ত ভিডিঅ’ৰ টুইটযোগে প্ৰচাৰ কৰাৰ লগে লগেই ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল টুইটাৰ ব্যৱহাৰকাৰীৰ মাজত ৷ ভিডিঅ’টো মুকলি কৰাৰ কিছুসময়ৰ পাচতেই ড’নাল্ড ট্ৰাম্পৰ অফিচিয়েল টুইটাৰৰ পৰা ভিডিঅ’টো আতৰ কৰোৱা হৈছিল ৷ কিন্তু তাৰ মাত্ৰ তিনিঘন্টাৰ ভিতৰতেই ইতিমধ্যে ভিডিঅ’টো প্ৰায় এক মিলিয়ন লোকৰ মাজত প্ৰচাৰ হৈ পৰিছিল ৷

ABOUT THE AUTHOR

...view details