অসম

assam

By

Published : Nov 9, 2020, 9:20 AM IST

ETV Bharat / international

ট্ৰাম্পৰ বিফলতাৰ কাৰণ হয়তো ক'ভিড-19 হ'ব পাৰে !

ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে পৰাজয় বৰণ কৰাৰ পিচতে দেশবাসীৰ মাজত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷ ট্ৰাম্পৰ বিফলতাৰ কাৰণ সমূহ জুকিয়াই চাই চীন-আমেৰিকাৰ সম্পৰ্ক,ক'ভিড-19 পৰিস্থিতি বা আন প্ৰসংগ সমূহৰ কথা উত্থাপন কৰিছে বিশেষজ্ঞ তথা বিষয়ববীয়াই ৷

Trump's failure may be due to Covid-19
ট্ৰাম্পৰ বিফলতাৰ কাৰণ হয়তো ক'ভিড-19 হ'ব পাৰে !

নিউজ ডেস্ক, 9 নৱেম্বৰ :আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বিডেন নিৰ্বাচনত জয়লাভ কৰাৰ পিচত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সম্পৰ্কত দেশখনৰ বিশেষজ্ঞ তথা সচেতন মহলৰ মাজত ট্ৰাম্পৰ বিফলতাৰ কাৰণ সমূহ বিশ্লেষণ কৰা হৈছে ৷

বিশেষজ্ঞ সকলৰ মতে,হয়তো চীন এক নিৰ্দিষ্ট লক্ষ্য হ'ব পাৰে যিয়ে ক'ভিড-19 মহামাৰী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিৰ বাবে বেইজিঙক দোষাৰোপ কৰাৰ বাবে বাৰম্বাৰ চেষ্টা চলাইছিল ৷ আনহাতে,মাৰ্চ মাহত হঠাৎ উদ্ভৱ হোৱা ক'ভিড পৰিস্থিতিৰ বাবে ডোনাল্ড ট্ৰাম্পে চীনক দোষাৰোপ কৰিছিল আৰু শাস্তি প্ৰদান কৰাৰ দাবী জনাইছিল ৷ আনকি,গণ ধংসৰ বাবে চীনক দোষী সাব্যস্ত কৰি ট্ৰাম্পে কমিউনিষ্ট পাৰ্টীৰ বিষয়াসকলক ভিছা অৱৰোধ কৰিবৰ বাবেও চেষ্টা কৰাৰ লগতে মাৰ্কিন খেলুৱৈ সকলক 2020ত বেইজিঙত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেল বৰ্জন কৰিবলৈ আহ্বান জনাইছিল ৷

লগতে পঢ়ক :বিজেপিৰ কাৰ্যকালত সম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই: ৰণজিৎ দাস

ইয়াৰ সমান্তৰালভাৱে চীনা মালিকানাধীন কোম্পানীক নিষেধাজ্ঞা কৰা, অসামৰিক-সামৰিক ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা কৰাৰ লগতে চীনা এপছসমূহ বৰ্জন কৰাৰো দাবী জনাইছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷

আনহাতে, আমেৰিকাৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ মতে, আমেৰিকাৰ 73 শতাংশ নাগৰিকে চীনৰ নেতিবাচক নিদৰ্শন বহন কৰিছে ৷ বিগত বছৰত 13 শতাংশ পইণ্ট আৰু 20 পইন্টত আছে । এই সমগ্ৰ ঘটনাৰ পিচত ডেমক্ৰেটিক দলৰ মনোনীত প্ৰাৰ্থী জ' বিডেইন নিৰ্বাচনত বিজয়ী হোৱাৰ পিচতে ট্ৰাম্পে নিজৰ পৰাজয় স্বীকাৰ কৰিছিল অস্বীকাৰ কৰিছে ৷

লগতে পঢ়ক :গোৱালপাৰাত AJPৰ জিলা আহ্বায়ক সমিতি গঠন

ইফালে, আমেৰিকাৰ চৰকাৰে ইয়াৰ আগতে প্ৰায় দুই বছৰৰ পিচত পূৱ তুৰ্কেচান ইছলামিক আন্দোলনক ইয়াৰ সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা আঁতৰাইছিল যাৰফলত ইয়াৰ ছিনজিয়াং উইঘৰ অঞ্চলত উইঘৰৰ ওপৰত কথম্য অভিযানৰ বাবে চীনৰ সন্ত্ৰাস-নিৰপেক্ষ উদাহৰণ দুৰ্বল হৈ পৰা বুলি উল্লেখ কৰিছিল ৷ আমেৰিকাই ছিনজিয়াঙত চীনৰ নীতিৰ বিশ্বজুৰি গৰিহনা দিয়াৰ মাজতে মুছলমান সংখ্যালঘু সকলৰ এক বৃহৎ জনসংখ্যাক পুনৰ শিক্ষা শিবিৰৰ ভিতৰত আটক কৰা হৈছে । মাৰ্কিন বিষয়া আৰু আন বিশেষজ্ঞৰ মতে, ছিংজিয়াঙৰ প্ৰায় সাত শতাংশ মুছলমান লোকক 'ৰাজনৈতিক পুনৰ শিক্ষা' শিবিৰৰ এক সম্প্ৰসাৰিত নেটৱৰ্কত কাৰাৰুদ্ধ কৰি ৰাখিছে ৷

লগতে পঢ়ক :অসম আন্দোলন ধৰ্মীয় নাছিলঃ দীপাংক নাথ

ABOUT THE AUTHOR

...view details