অসম

assam

ETV Bharat / international

শ্যামলা গোপালন আৰু কমলা হেৰিছৰ সাহসী যাত্ৰা... - কমলা হেৰিছ

শ্যামলা গোপালন আৰু কমলা হেৰিছৰ সাহসী যাত্ৰা...

The audacious journeys of Shyamala Gopalan & Kamala Harris
শ্যামলা গোপালন আৰু কমলা হেৰিছৰ সাহসী যাত্ৰা...

By

Published : Jan 19, 2021, 8:59 PM IST

নিউজ ডেস্ক,19 জানুৱাৰী: 20 জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব কমলা হেৰিছে ৷ এই মুহুৰ্তটো আমেৰিকাৰ ইতিহাসত সম অধিকাৰৰ মুহুৰ্তত পৰিণত হ’ব ৷ কমলা হেৰিছ হ’ল আমেৰিকাৰ সৰ্বোচ্চ ৰাজনৈতিক কাৰ্যালয়ৰ বাবে নিৰ্বাচনত জয়লাভ কৰা প্ৰথমগৰাকী মহিলা তথা প্ৰথমগৰাকী ভাৰতীয় মূলৰ কৃষ্ণাংগ আমেৰিকান মহিলা ৷ তেখেতৰ এই যাত্ৰাক সম্ভৱ কৰি তুলিছে আন এগৰাকী সাহসী ভ্ৰমণকাৰী-তেখেতৰ মাতৃ ৷ যি 1958 চনত মাত্ৰ 19 বছৰ বয়সত শিক্ষাগত জনপানি লাভ কৰিবলৈ আমেৰিকালৈ অধ্যনৰ বাবে আহিছিল ৷

1958: শ্যামলা গোপালনে বাৰ্কলীৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে হিলগাৰ্ড স্কলাৰশ্বিপ লাভ কৰে ৷

1960: শ্যামলা গোলপানে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নোতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

1962: শ্যেমলা গোপলানে এফ্ৰ’ আমেৰিকান এচোছিয়েছনৰ এক বৈঠকত ভাষন প্ৰদান কৰা অৱস্থাতে ড’নাল্ড হেৰিছৰ সৈতে সাক্ষাত হয় ৷

1963,5 জুলাই: ড’নাল্ড হেৰিছৰ সৈতে বিবাহপাশত আৱদ্ধ হয় শ্যামলা হেৰিছ ৷

1964: শ্যামলা গোপালনে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা nutrition and endocrinologyত পি.এইচ.ডি লাভ কৰে ৷

1964,20 অক্টোবৰ: কেলিফৰ্ণিয়াৰ অকলেণ্ডৰ কাইছাৰ ফাউণ্ডেছন হাস্পতালত কমলা হেৰিছৰ জন্ম হয় ৷

1966: শ্যামলা গোপালন আৰু ডে’নাল্ড হেৰিছে আৰ্বানা কেম্পেইনলৈ স্থানান্তৰিত হয় য’ত ড’নাল্ড হেৰিছে ইলিনইজ বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগদান কৰে ৷

1967,30 জানুৱাৰী: কমলা হেৰিছৰ ভগ্নী মায়াৰ জন্ম হয় ৷

1970: শ্যামলা গোপালন ইলিনইজৰৰ পৰা বাৰ্কলীলৈ উভিটি আহে ৷ ইয়াৰ পিছতেই শ্যানলা গোপলান আৰু ড’নাল্ড হেৰিছৰ সম্পৰ্কত ফাঁট মেলে ৷

1971: শ্যামলা গোপালন আৰু ড’নাল্ড হেৰুছৰ বিবাহ বিচ্ছেদ ঘটে ৷

1976: দুই কন্যাৰ সৈতে কানাডাৰ মন্ট্ৰিয়েললৈ আহে শ্যামলা৷ ইয়াতেই তেওঁ মেক গিল বিশ্ববিদ্যায়ত অধ্যাপক হিচাপে যোগাদন কৰাৰ লগতে ইহুদি জেনেৰেল হাস্পতালত গৱেষণা আৰম্ভ কৰে ৷

1981: কমলা হেৰিছে মন্ট্ৰিয়েলৰ ৱেষ্টমাউন্ট উচ্চ মাধ্যমিক বিদ্যায়লৰ পৰা উত্তীৰ্ণ হয় ৷

1982:কমলা হেৰিছে হাৱাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ৷

1986: হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে ৷

1989: কমলা হেৰিছে হেষ্টিং মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে ৷

1990: কমলা হেৰিছে কেলিফৰ্ণিয়াৰ অকলেণ্ডৰ ডেপুটি জিলা এটৰ্নি হিচাপে যোগদান কৰে ৷ ইয়াত হেৰিছে 8 বছৰ কাম কৰে ৷

2009: কেঞ্চাৰৰ সৈতে যুঁজি অৱশেষত 70 বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে শ্যামলা গোপালনে ৷

2010: কেলিফৰ্ণিয়াৰ এটৰ্নি জেনেৰেল হিচাপে নিৰ্বাচিত হয় কমলা হেৰিছে ৷ এই পদত অধিষ্ঠিত হোৱা কমলা আছিল প্ৰথমগৰাকী ভাৰতীয় মূলৰ কৃষ্ণাংগ আমেৰিকান ৷

2012: কমলা হেৰিছে Democratic National Conventionত এটি ভাষণ প্ৰদান কৰে ৷

2014,22 আগষ্ট: ডাগ এমহফৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কমলা হেৰিছ ৷

2016:লৰেটা চেনছেজক প্ৰতিহত কৰি কেলিফৰ্ণিয়াৰ পৰা মাৰ্কিন চিনেট হিচাপে নিৰ্বাচিত হয় কমলা হেৰিছ ৷

2019,8 জানুৱাৰী: হেৰিছৰ আত্মকথা "The Truths We Hold: An American Journey" প্ৰকাশ পায় ৷

2019,21 জানুৱাৰী: গুড মৰ্ণিং আমেৰিকাত এটি ঘোষণাৰ জৰিয়তে হেৰিছে ৰাষ্ট্ৰপতি পদৰ বাবে নিজৰ যাত্ৰা আৰম্ভ কৰে ৷

2019,3 ডিচেম্বৰ: ধনৰ অভাৱত হেৰিছে ৰাষ্ট্ৰপতি কেম্পেইন বন্ধ কৰি দিয়ে ৷

2020,11 আগষ্ট: জ’ বাইডেনে কমলা হেৰিছক তেওঁৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত নিজৰ সহযোগী হিচাপে ঘোষণা কৰে ৷

2020,7 নৱেম্বৰ: কমলা হেৰিছে নিজৰ বিজয় ভাষণ প্ৰদান কৰে ৷

2021,20 জানুৱাৰী: আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব কমলা হেৰিছে ৷

লগতে পঢ়ক-উদ্বোধনী দিৱসৰ নৈশ ভোজৰ তালিকাত থাকিব কমলা হেৰিছৰ প্ৰিয় খাদ্য

ABOUT THE AUTHOR

...view details