নিউজ ডেস্ক, 4 জানুৱাৰী : যদিওবা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে কিন্তু তেওঁৰ সমৰ্থক সকলে বৰ্তমানেও ডোনাল্ড ট্ৰাম্পৰ পৰাজয় স্বীকাৰ কৰি ল'ব পৰা নায় ৷ তেওঁৰ বহুতো সমৰ্থকে বৰ্তমান আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বহু আশাৰে বাট চাই আছে যাৰ ভিতৰত 2024 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বহু সম্ভাৱনাপূৰ্ণ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী অন্তভুৰ্ক্ত আছে ৷
ইয়াৰ উপৰিও ট্ৰাম্পৰ সমৰ্থক সকলে কয় যে,ৰাষ্ট্ৰপতি জ' বিডেনে আমেৰিকাৰ ৰাজনীতিৰ গতি সলনি কৰি দিছে আৰু সেই ঘটনা প্ৰৱাহ ঠিক কৰোতে হয়তো বহুত সময় লাগিব আমেৰিকাবাসীক ৷