স্প’ৰ্টছ ডেস্ক, ১৮ ছেপ্টেম্বৰ: ক্ৰমান্বয়ে সুস্থিৰ হৈছে দুভৰিৰ যাদুৰে বিশ্ববাসীৰ হৃদয় জয় কৰা কিংবদন্তী ফুটবল খেলুৱৈ পেলে(Pele)ৰ স্বাস্থ্যৰ অৱস্থা । শুকুৰবাৰে শ্বাস-প্ৰশ্বাসজনিত কাৰণত তেওঁক চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । বৰ্তমানেও চিকিৎসালয়খনৰ আই চি ইউতে আছে কিংবদন্তী ফুটবল খেলুৱৈগৰাকী । পূৰ্বতকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে ।
চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে, চলিত মাহৰ আৰম্ভণিতে ব্ৰাজিলৰ প্ৰখ্যাত খেলুৱৈগৰাকীৰ মলাশয়ৰ টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল । শুকুৰবাৰে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাত তেওঁক চিকিৎসালয়খনৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয় । পেলেৰ কন্যা কেলি নাচিমেণ্টো(Kely Nascimento)ৱে চিকিৎসালয়ত পিতৃৰ কাষতে ৰৈ থকা তেওঁৰ এখন ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰি এক বিবৃতি প্ৰকাশ কৰে ।
নাচিমেণ্টোৱে ইনষ্টাগ্ৰাম পোষ্টযোগে ফটোখন শ্বেয়াৰ কৰি লিখিছে যে, তেওঁৰ পিতৃ পেলেৰ দৰে বয়সৰ এজন লোকৰ বাবে অস্ত্ৰোপচাৰৰ পিছত এনে অসুবিধা আহি পৰাতো এক স্বাভাৱিক কথা । এনেধৰণৰ অস্ত্ৰোপচাৰৰ পিছত, কেতিয়াবা ৰোগীগৰাকী অলপ সুস্থ হৈ উঠে আৰু কেতিয়াও অসুবিধাৰ সন্মুখীনো হ'বলগীয়া হয় । যোৱা ৬ ছেপ্টেম্বৰত চিকিৎসালয় কৰ্তৃপক্ষই জনাইছিল যে, পেলেৰ মলাশয়ৰ টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে ।