নিউজ ডেস্ক, ৪ মাৰ্চ : দক্ষিণ কোৰিয়াৰ সৈতে সামৰিক অনুশীলন বাতিল কৰাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডণা'ল্ড ট্ৰাম্পেপ্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোৰিয়ান প্ৰান্তত পাৰমাণৱিক শক্তিৰ অপসাৰণ চুক্তি বাহাল ৰখাৰ উপৰিধনৰ অপচয় নকৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই বুলি জনায় ট্ৰম্পে।
ধন অপচয় ৰোধ কৰিবলৈ বাতিল কৰা হৈছে আমেৰিকা-দক্ষিণ কোৰিয়াৰ সামৰিক অনুশীলনঃ ট্ৰম্প - ইটিভি ভাৰত
দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জিঅং কেয়ং ডু আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পেট্ৰিক চানাহানৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপত যুটীয়া বাৰ্ষিক সামৰিক অনুশীলন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দেশ দুখনে ।
দেওবাৰে এই কথা টুইটাৰযোগে প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জিঅং কেয়ং ডু আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পেট্ৰিক চানাহানৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপত যুটীয়া বাৰ্ষিক সামৰিক অনুশীলন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দেশ দুখনে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'ণাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ মাজত সম্পন্ন হোৱা হানৈ সন্মিলনৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই ।
উল্লেখ্য যেসামৰিক অনুশীলন বাতিল কৰিলেও সোমবাৰৰ পৰা নদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ডং-মায়েং অনুশীলনত অংশগ্ৰহণ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই ।