অসম

assam

ETV Bharat / international

গুৱাটেমালাত উপস্থিত কমলা হেৰিছ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ

কাৰিকৰী বিজুতিৰ বাবে বিমান সলনি কৰিবলগীয়া হোৱাৰ পাচত অৱশেষত গুৱাটেমালা(Guatemala)ত উপস্থিত হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ(Kamala Harris)। ড৹ গিয়াম্মাট্টেইৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যেৰে উপ-ৰাষ্ট্ৰপতিগৰাকী গুৱাটেমালাত উপস্থিত হৈছে ।

Kamala Harris reached Guatemala
গুৱাটেমালাত উপস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ

By

Published : Jun 7, 2021, 3:45 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ জুন: দেওবাৰে গুৱাটেমালা(Guatemala)ত উপস্থিত হ'ল সংযুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ(Kamala Harris)। অৱশ্যে, কাৰিকৰী বিজুতিৰ বাবে বিমান সলনি কৰিবলগীয়া হোৱা বাবে তেওঁ গুৱাটেমালা(Guatemala)ত উপস্থিত হোৱাত কিছু পলম হয় ।

উপ-ৰাষ্ট্ৰপতি(VICE PRESIDENT)ৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত এইয়া হৈছে তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ । গুৱাটেমালা চৰকাৰৰ তৰফৰ পৰা টুইটযোগে প্ৰকাশ কৰা মতে, কমলা হেৰিছে দেওবাৰে গুৱাটেমালাত উপস্থিত হয় আৰু তেওঁৰ ভ্ৰমণসূচী অনুসৰি কাম আৰম্ভ কৰে । ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকৰ মতে, দেওবাৰে হেৰিছৰ বিমানে লেটিন আমেৰিকালৈ যাত্ৰা কৰাৰ কিছু সময়ৰ পাচতে উভতি আহিবলগীয়া হৈছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, বিমানখনৰ লেণ্ডিং গিয়েৰত বিজুতি হয় আৰু পাচত বায়ু সেনাৰ বিমানেৰে যাত্ৰা কৰে । উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ এইয়া প্ৰথম বিদেশ ভ্ৰমণ ৷ এই ভ্ৰমণত তেওঁ সোমবাৰে গুৱাটেমালাৰ ৰাষ্ট্ৰপতি আলেজান্দ্ৰো গিয়াম্মাট্টেইক সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ।

ইয়াৰ পাচতে হেৰিছে মেক্সিকোলৈ যাত্ৰা কৰিব । হেৰিছে মঙলবাৰে ৰাষ্ট্ৰপতি এন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰৰ সৈতে আলোচনাত মিলিত হ'ব । আমেৰিকাত সীমা সংকট অব্যাহত থকাৰ সময়তে হেৰিছে বিদেশ ভ্ৰমণ কৰা দেখা গৈছে ।

লগতে পঢ়ক:ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত নিযুক্তিৰ বাবে এৰিক গাৰ্চেট্টিৰ নাম বিবেচনা

ABOUT THE AUTHOR

...view details