ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: সোমবাৰে জেক ডৰ্চেই টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাচতে ভাৰতীয় মূলৰ পৰাগ আগৰৱালৰ মুখ্য কাৰ্যবাহী বিষয়াৰ আসন অলংকৃত কৰাৰ পথ প্ৰশস্ত হয়। বিশ্বজুৰি পৰাগ আগৰৱালৰ নাম চৰ্চালৈ আহে । বিভিন্নজনে শুভেচ্ছা জনাইছে প্ৰতিভাসম্পন্ন সুদক্ষ পৰাগ আগৰৱাললৈ । পূৰ্বে টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাম কৰি থকা এতিয়াৰে পৰা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰিব (Twitter new CEO Parag Agrawal) ।
পৰাগ আগৰৱালৰ এই সাফল্যৰ পাচতে তেওঁক শুভেচ্ছা জনাইছে ব্যক্তিগত মহাকাশ কোম্পানী স্পেচএক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে (Elon musk congratulates Twitter CEO Parag Agrawal) । মাস্কে ষ্ট্ৰাইপ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া পেট্ৰিক কলিন্সৰ এটা টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰে যে, ভাৰতীয় প্ৰতিভাই অৰ্থাৎ প্ৰতিভাসম্পন্ন ভাৰতীয় লোকে আমেৰিকা যুক্তৰাষ্ট্ৰক যথেষ্ট লাভান্বিত কৰে (Elon musk praises Indian Talent) ৷
ইফালে, ষ্ট্ৰাইপ কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক পেট্ৰিক কলিন্সে পৰাগ আগৰৱালক টুইটযোগে অভিনন্দন জনাই লিখিছে যে, গুগল, মাইক্ৰছফ্ট, এডোব, আইবিএম, পালো অল্টো, নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পাচত এইবাৰ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াও ভাৰততে ডাঙৰ-দীঘল হৈছে । প্ৰযুক্তিৰ জগতত ভাৰতীয়সকলৰ আশ্চৰ্যজনক সফলতা দেখি আনন্দ প্ৰকাশ কৰে কলিন্সে ।