অসম

assam

ETV Bharat / international

ব্ৰাজিলৰ জেলত সংঘৰ্ষ : ৫০ জন কয়দীৰ মৃত্যু - West Brasil

দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষৰ ভয়াৱহ পৰিণতি । ১৬ জন কয়দীক শিৰচ্ছেদ । ঘটনাক লৈ সমগ্ৰ উত্তৰ ব্ৰাজিলত চাঞ্চল্য ।

ব্ৰাজিলত জেলৰ ভিতৰত সংঘৰ্ষ : ৫০ জন কয়দীৰ মৃত্যু

By

Published : Jul 30, 2019, 9:08 AM IST

ইণ্টাৰনেচনেল ডেক্স, ৩০ জুলাই : সোমবাৰে ব্ৰাজিলৰ পাৰা ৰাজ্যৰ জাৰবাছ ভাছকন'কেলচ কাৰাগাৰত দুই ফৈদৰ মাজত এক ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয় । হাতত পৰা তথ্য অনুসৰি এটা ফৈদে আন আন এটা ফৈদৰ ৱিঙ(wing)ত আক্ৰমণ কৰাৰ ফলত সূত্ৰপাত হয় সংঘৰ্ষৰ । দুই ফৈদৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত দুয়ো পক্ষৰ ৫০ জন সদস্য নিহত হয় । সংঘৰ্ষত ১৬ জন কাৰাবন্দীক শিৰচ্ছেদ কৰাৰ লগতে জেলৰ এটা চেলত জুই লগাই দিয়াৰ ফলত ৪৪ জন কয়দী অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয় । সংঘৰ্ষত দুজন নিৰাপত্তাৰক্ষীক পণবন্দী বনাই যদিও পাছত জীৱন্তে মুকলি কৰি দিয়ে । উল্লেখযোগ্য যে যোৱা মে মাহত পশ্চিম ব্ৰাজিলৰ এখন কাৰাগাৰত সংঘটিত হৈছিল অনুৰূপ এক সংঘৰ্ষৰ য'ত ৪ জন কাৰাবন্দীৰ মৃত্যু হৈছিল । স্থানীয় প্ৰশাসনে জনোৱা মতে সংঘৰ্ষত লিপ্ত হোৱা ফৈদ দুটা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিল । ঘটনাৰ পাছত এতিয়া বিৰোধীয়ে সমালোচনাৰে থকা-সৰকা কৰিছে ব্ৰাজিলৰ নতুন সোপন্থী চৰকাৰখনক । দেশখনৰ কাৰাগাৰ সমূহ অপৰাধীৰ ঘাটি হিচাপে গঢ়ি উঠাৰ ফলত এতিয়া সমস্যাত পৰিছে ৰাষ্ট্ৰপতি জেয়ৰ বলছান'ৰো । দেশখনত কাৰাবন্দীৰ সংখ্যা অধিক হাৰত বৃদ্ধি পোৱাৰ ফলতে এতিয়া এনে ধৰণৰ সংঘৰ্ষ বৃদ্ধি পাইছে বুলি ব্ৰাজিলৰ চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details