অসম

assam

ETV Bharat / international

অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক প্ৰতিৰক্ষা সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ - যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব হিচাপে নেতৃত্ব

যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব হিচাপে নেতৃত্ব দিয়াৰ বাবে অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেল লইদ আষ্টিনক নিৰ্বাচন সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে সদ্য নিৰ্বাচিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনৰ ৷ 2013 ৰ পৰা 2016 লৈ সংযুক্ত ৰাষ্ট্ৰৰ চেন্ট্ৰেল কমাণ্ডৰ কামাণ্ডাৰ পদত অধিষ্ঠিত আষ্টিনে শীৰ্ষ পাকিস্তানী নেতৃত্বৰ সৈতেও বহুবাৰ কথা-বাৰ্তাত মিলিত হৈছিল ৷

Biden picks retired Army general Lloyd Austin to run Pentagon
অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক প্ৰতিৰক্ষা সচিব হিচাপে বাচনি জ' বাইডেনৰ

By

Published : Dec 8, 2020, 12:04 PM IST

নেচনেল ডেস্ক, 8 ডিচেম্বৰ: অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেল লইদ আষ্টিনক সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা সচিব হিচাপে নেতৃত্ব দিয়াৰ বাবে বাচনি কৰিছে ৷ চিনেটে এই সিদ্ধান্তত অনুমোদন প্ৰদান কৰিলে 67 বৰ্ষীয় অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকী প্ৰতিৰক্ষা বিভাগক নেতৃত্ব দিয়া প্ৰথমগৰাকী আফ্ৰিকান-আমেৰিকান বিষয়া হ'ব ৷

অৱশ্যে এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ ফালৰ পৰা কোনো নিশ্চিত প্ৰদান কৰা হোৱা নাই ৷ তথাপি এইবুলি কোৱা হৈছে যে খ্ৰীষ্টমাচৰ পূৰ্বে বাইডেনে তেওঁৰ কেবিনেটৰ অতিৰিক্ত সদস্যসকলৰ নাম ঘোষণা কৰিব ৷ চলিত সপ্তাহৰ শেষৰ ফাললৈ বাইডেনে প্ৰতিৰক্ষা সচিবৰ লগতে অৰ্থনৈতিক আৰু ঘৰুৱা মন্ত্ৰীমণ্ডলৰ সদস্যসকলৰ নাম সমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

জানিব পৰা মতে, 2013 ৰ পৰা 2016 লৈ আষ্টিনে সংযুক্ত ৰাষ্ট্ৰৰ চেন্ট্ৰেল কমাণ্ডৰ কামাণ্ডাৰ পদত অধিষ্ঠিত আছিল ৷ উক্ত পদত অধিষ্ঠিত হৈ থকা সময়ত তেওঁ শীৰ্ষ পাকিস্তানী সেনা নেতৃত্বৰ সৈতেও বহুবাৰ কথা-বাৰ্তাত মিলিত হৈছিল ৷

বাইডেনৰ দ্বাৰা আষ্টিনৰ নাম মনোনিত হ'লে জেমছ মেট্টিচৰ পাছত লইদ আষ্টিন হ'ব দ্বিতীয়গৰাকী প্ৰতিৰক্ষা সচিব যাক এই পদৰ নেতৃত্ব দিয়াৰ বাবে কংগ্ৰেছনেল ৱেইভাৰৰ প্ৰয়োজন হ'ব ৷

নিয়ম অনুসৰি প্ৰতিৰক্ষা সচিব হিচাপে সেৱা আগবঢ়াবলৈ হ'লে সেনাৰ এগৰাকী সদস্য তেওঁৰ ইউনিফৰ্মৰ পৰা অতি কমেও সাত বছৰ আঁতৰি থকাটো প্ৰয়োজন ৷ কিন্তু আষ্টিনে 2016 চনতহে সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক:WHO ফাউণ্ডেছনৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়াৰ পদত ভাৰতীয় মূলৰ স্বাস্থ্য বিশেষজ্ঞ

ABOUT THE AUTHOR

...view details