ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: ৱাছিংটন পোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি, ভাৰতীয় মূলৰ আমেৰিকান মহিলা নীৰা টেণ্ডনক হোৱাইট হাউচৰ মেনেজমেণ্ট আৰু বাজেট কাৰ্যালয়ৰ নিৰ্দেশক হিচাপে মনোনীত কৰিব বিচাৰে জ' বিডেনে । এই দায়িত্বভাৰ গ্ৰহণ কৰিলে নীৰা টেণ্ডনে হোৱাইট হাউচৰ প্ৰসাশানীয় বাজেট সংক্ৰান্তীয় সকলো দিশ পৰিচালনা কৰিব লাগিব । টেণ্ডনৰ মনোনয়ন বিডেনৰ পৰিকল্পনাৰ এক অংশ ।
বিডেনে উদাৰ, অৰ্থনৈতিক পৰামৰ্শদাতাৰ এটা দল গঠন কৰাৰ পৰিকল্পনা কৰিছে যিটো দলে কোষাগাৰৰ সচিব হিচাপে মনোনীত জেনেট য়েল্লেনৰ সৈতে কাম কৰিব । সংবাদ মাধ্যমৰ বাতৰিত ইতিমধ্যে টেণ্ডন, য়েল্লেনৰ নাম ঘোষণা হোৱাৰ আশা আছে বুলি চৰ্চা চলিছে । ৱাছিংটন পোষ্টৰ মতে, চৰকাৰী ব্যয়ৰ হ্ৰাস কৰিবলৈ টেণ্ডনৰ ওপৰত যথেষ্ট হেঁচা আহি পৰিব। সম্ভৱতঃ বৰ্তমান অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত প্ৰশাসনৰ বাজেট পৰিচালনা কৰাতো গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে পৰিগণিত হ'ব ।