নিউজ ডেস্ক, ২২ জানুৱাৰী: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ'বাইডেনে শপত গ্ৰহণৰ লগে লগে অন্ত পৰিল মাৰ্কিন ৰাজনীতিৰ আটাইতকৈ সংঘাতপূৰ্ণ ট্ৰাম্প প্ৰশাসনৰ কাৰ্যকাল । জ' বাইডেনৰ সদ্যহতে ট্ৰাম্পৰে যোগাযোগৰ পৰিকল্পনা নাই বুলি বৃহস্পতিবাৰে হোৱাইট হাউচৰ প্ৰেছ সচিব জেন ছাকীয়ে জানিবলৈ দিয়ে ।
হোৱাইট হাউচৰ পৰা বিদায় লোৱাৰ পূৰ্বে ট্ৰাম্পে অভেল কাৰ্যালয়ত বাইডেনলৈ এখন পত্ৰ লিখি থৈ যায় । বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত ট্ৰাম্প উপস্থিত নাছিল । এই সন্দৰ্ভত সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জেনে নিজৰ মন্তব্য আগবঢ়ায় ।