অসম

assam

ETV Bharat / international

চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন বৈঠক - চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ জৰুৰীকালীন বৈঠক

চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত এক জৰুৰীকালীন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ৷ বৈঠকখন মঙলবাৰে নিশা 8 বজাত অনুষ্ঠিত কৰা হ’ব ৷

UN Security Council to discuss Sudan on Tuesday
চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ জৰুৰীকালীন বৈঠক

By

Published : Oct 26, 2021, 12:44 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মঙলবাৰে আবেলি চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত এক জৰুৰীকালীন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব ৷ কূটনীতিবিদসকলে সোমবাৰে পলমকৈ কৈছিল যে পৰামৰ্শবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, আয়াৰলেণ্ড, নৰৱে আৰু এষ্টোনিয়াৰ দ্বাৰা অনুৰোধ কৰা হৈছিল ৷

পৰিষদে মালি আৰু নাইজাৰ ভ্ৰমণ সামৰণি পেলাই মঙলবাৰে আবেলি নিউয়ৰ্কলৈ উভতি আহিব ৷ ইয়াৰ বাবেই বৈঠকখন মঙলবাৰে নিশা 8 বজাত অনুষ্ঠিত কৰা হ’ব ৷

উল্লেখ্য যে, চুডানৰ নিৰাপত্তা বাহিনীয়ে সোমবাৰে দেশখনৰ ক্ষমতা দখল কৰি প্ৰধানমন্ত্ৰী আৰু পৰিৱৰ্তনশীল চৰকাৰৰ অন্যান্য বিষয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ ফলত সমগ্ৰ দেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অসামৰিক শাসনলৈ ঘূৰি অহাৰ দাবীত প্ৰতিবাদ কৰে ৷ ক্ষমতাৰ এই অধিগ্ৰহণে গণতান্ত্ৰিক প্ৰগতিৰ দিশত ভাবুকিৰ সৃষ্টি কৰিছে ৷

বুধবাৰে সুৰক্ষা পৰিষদে চুডান আৰু দক্ষিণ চুডান সীমান্তৰ আবেয়ী প্ৰান্তৰ সংঘৰ্ষৰ সন্দৰ্ভতো বৈঠকত মিলিত হ’ব ৷

লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ তালিকাৰ পৰা আঁতৰ হ'ব নেকি তালিবান : পুটিনৰ পৰিকল্পনাক আদৰণি

ABOUT THE AUTHOR

...view details